ETV Bharat / state

Morigaon Mega Bihu: বিহুৰ বিশ্ব ৰেকৰ্ডৰ বাবে মৰিগাঁৱত বাছনি শিবিৰ - bihu selection programme at morigaon

ৰংপুৰলৈ যোৱাগৈ, লংগুটি আনাগৈ, দুয়ো একেলগে খাম; ম'হৰ শিঙৰ পেঁপাটি, বকনিয়াই আনাগৈ, তোমাৰ শপত বিহুলৈ যাম । দেওবাৰে লোকবাদ্য ঢোল, পেঁপা, গগনাৰ তালে তালে বিহুৰ বাকৰিলৈ আহিল মৰিগাঁও জিলাৰ তিনি শতাধিক বিহুৱা-বিহুৱতী (bihu selection programme at morigaon) ।

Morigaon
Morigaon
author img

By

Published : Mar 13, 2023, 3:27 PM IST

Updated : Mar 13, 2023, 6:38 PM IST

বিহুৰ বিশ্ব ৰেকৰ্ডৰ বাবে মৰিগাঁৱত বাছনি শিবিৰ

মৰিগাঁও, ১৩ মাৰ্চ : উজায়ে আহিলে মাছে কি মগৰে, উজায়ে আহিলে শিহু; কান্ধতে ঢোলেটি, মুখতে পেঁপাটি, পালেহি ব'হাগৰ বিহু । চাওঁতে চাওঁতে অসমীয়াৰ আয়ুসৰেখা স্বৰূপ ব'হাগৰ বিহুটি আকৌ আহিবৰ হ'ল । বিনালে চতুৱা চৰায়ে । কুঁহিপাত মেলিলে গছ-বিৰিখে (Bohag Bihu 2023) । চহা অসমীয়াৰ হেপাঁহ ব'হাগ চমু চাপি অহাৰ লগে লগে গ্ৰামাঞ্চলৰ চহা কৃষক, ৰোৱনী-দাৱনীৰ সমান্তৰালকৈ এইবেলি ৰজাঘৰৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হ'ব বিহুৱা-বিহুৱতীৰ সমূহীয়া বিহু প্ৰদৰ্শনৰ বিশ্ব ৰেকৰ্ডৰ অনুষ্ঠান (Assam govt bihu world record show) ।

চৰকাৰীভাৱে উদযাপন কৰিবলগা এই বিহু উদযাপনৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁও বিহু বিচাৰক সমিতিৰ নেতৃত্বত দেওবাৰে শতাধিক বিহুৱা-বিহুৱতীৰ উপস্থিতিত অনুষ্ঠিত হয় বাছনি শিবিৰ (selection programme for bihu world record) । মৰিগাঁৱৰ ঐতিহাসিক ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামৰ বাকৰিত দেওবাৰে মেগা বিহু ইভেণ্টক লৈ এক উখল-মাখল পৰিৱেশে বিৰাজ কৰে । বাজিছে ঢোল-পেঁপা-গগনা । পৰিবেশন কৰিছে জাউৰিয়ে জাউৰিয়ে জাতনাম, যোৰানাম (bihu selection programme at morigaon) ।

বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ হকে আগন্তুক ১৪ এপ্ৰিলত তথা হেঁপাহৰ গৰুবিহুত অনুষ্ঠিত হ'বলগীয়া মেগা বিহু ইভেণ্টৰ বাবে দেওবাৰে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত মৰিগাঁও ক্ৰীড়া সন্থাৰ ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত দিনজোৰা কাৰ্যসূচীৰে নাচনী আৰু ঢুলীয়াৰ বাছনি শিবিৰ (Assam govt mega bihu dance programme) । ইয়াৰ বাবে মৰিগাঁও জিলাৰ বিহুৱা-বিহুৱতীসকল এনেদৰে বাছনি শিবিৰত উপস্থিত হৈ প্ৰদৰ্শন কৰিছে যোগ্যতা । এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মৰিগাঁও জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাই ।

শুভ উদ্বোধন কৰি দিয়া ভাষণত জিলা উপায়ুক্তগৰাকীয়ে বিহুৱা-বিহুৱতীসকলক শুভেচ্ছা জনাই কয় যে বিগত সময়ত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত বিভিন্ন ক্ষেত্ৰত মৰিগাঁও জিলাৰ নাম আগশাৰীত ৰাখিবলৈ সক্ষম হৈছিল । ঠিক একেদৰে এইবেলিও অনুষ্ঠিত হ'বলগা বিহুৱা-বিহুৱতী প্ৰতিযোগিতাত জিলাখনৰ বিহুৱা-বিহুৱতী আৰু বিহু ওজাসকলে জিলাখনৰ নাম জিলিকাবলৈ সক্ষম হ'ব ।

তেওঁ লগতে কয় যে প্ৰখৰ ৰ'দকো নেওচি যি আগ্ৰহৰে বিহুৱা-বিহুৱতীসকলে শিবিৰত আহি অংশগ্ৰহণ কৰিছে, তাৰ পৰা এইসকল বিহুৱা-বিহুৱতীৰ শিৰে শিৰে বাপতি সাহোন বিহুটি প্ৰবাহিত হৈ থকাটো প্ৰমাণ । ইয়াৰ বাবেই দুশৰো অধিক বিহুৱতী আৰু শতাধিক ঢুলীয়াই বিহু বাকৰিত ধূলি উৰুৱাই বিহু নাচি বৰষুণক পৰম্পৰাগতভাৱে আমন্ত্ৰণ জনায় ।

অ' আইটি, অ' আইটি, পইচা দিম চাৰিটি, মাজতে পদুমৰ চকা ; গিৰিপ গিৰিপ কৰি নাচিবি নাচনি, বিহুতলী কৰিবি বোকা । ম'হৰ শিং একুৰা, ম'হৰ শিং বেঁকুৰা, ম'হৰ শিঙৰ মৌ মিঠা মাত ; ম'হৰ শিঙৰ মাতে শুনি ৰ'ব মই নোৱাৰো, এৰি যাওঁ পেটৰে ভাত । হয় । এইহেন ম'হৰ শিঙৰ পেঁপাটিৰ অমিয়া সুৰ শুনি কি ওজা, নাচনী, কি বিহুৱতী সকলোৱে ভাত-পানীৰ আশা এৰি, ঘৰৰ কাম-বন এৰি কঁকাল ঘূৰাই মনৰ উছাহত গালে বিহুনাম, নাচিলে ঢোল-পেঁপাৰ তালত ।

লগতে পঢ়ক :Birangana Mulagabaru Award 2023: লাভলীনা বৰগোহাঁইলৈ ২০২৩ বৰ্ষৰ বীৰাংগনা মূলাগাভৰু বঁটা

Last Updated : Mar 13, 2023, 6:38 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.