মৰিগাঁও, 10 জুলাই: সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ ৰাজ্যত অব্যাহত আছে প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদ ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ সন্দৰ্ভত নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা খচৰাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে বিভিন্ন-দল সংগঠন আৰু ব্যক্তিয়ে ৷ এই খচৰাৰ বিৰোধিতা কৰি ৰাজ্যৰ ঠায়ে ঠায়ে বিভিন্ন দল-সংগঠনে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷
সোমবাৰে মৰিগাঁও বিহুতলীত সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ খচৰাৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন ৷ শেহতীয়াকৈ ভাৰতৰ নিৰ্বাচনী আয়োগে সমষ্টি পুনৰ গঠন সন্দৰ্ভত প্ৰকাশ কৰা খচৰাৰ বিৰুদ্ধে মৰিগাঁৱত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰে ৷
মৰিগাঁও বিহুতলীত কেইবা শতাধিক খিলঞ্জীয়া মুছলমান প্ৰতিবাদকাৰীয়ে হাতে হাতে বেনাৰ, প’ষ্টাৰ লৈ বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে ৷ বিশেষকৈ মৰিগাঁও সমষ্টিৰ পৰা কুৰিখনতকৈ অধিক খিলঞ্জীয়া মুছলমান গাঁও, মৰিগাঁও বিধানসভা সমষ্টিৰ পৰা কৰ্তন কৰি লাহৰীঘাট সমষ্টিত অন্তৰ্ভুক্ত কৰাত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে সংগঠনটোৱে ৷ এই সিদ্ধান্তৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰি খিলঞ্জীয়া মুছলমান বসতি প্ৰধান গাঁও সমূহ লাহৰীঘাট বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত কৰি ৰাজনৈতিক ভাৱে ভূমিপুত্ৰ ,খিলঞ্জীয়া মুছলমানসকলক প্ৰতাৰণা কৰা কেতিয়াও সহ্য কৰা নহ’ব বুলি সকিয়নী প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷
মৰিগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত জালুগুটি, মিকিৰগাঁও, চৰাইবাহী আদি গাঁও পঞ্চায়তৰ খিলঞ্জীয়া মুছলমান বসতিপ্ৰধান অঞ্চলসমূহক অসম চৰকাৰ তথা ভাৰতীয় নিৰ্বাচনী আয়োগে কেইগৰাকীমান ৰাজনৈতিক নেতাক সুৰক্ষিত কৰাৰ স্বাৰ্থতে কৰ্তন কৰা বুলি তীব্ৰ সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে ৷ এই কাৰ্যসূচীত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ লগতে বহুকেইটা জাতীয় সংগঠন আৰু ৰাজনৈতিক দলৰ নেতৃত্বই অংশ গ্ৰহণ কৰি খচৰাখনক সমালোচনা কৰে ৷ সোমবাৰে এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰাই জিলা আয়ুক্তৰ জৰিয়তে দেশৰ নিৰ্বাচনী আয়োগলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে ৷
লগতে পঢ়ক : Constituency delimitation 2023: সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাক লৈ সন্তুষ্ট অগপ