মৰিগাঁও, 6 ডিচেম্বৰঃ আগন্তুক 17 ডিচেম্বৰত আৰম্ভ হ'ব তিৱা স্বায়ত্ব শাসিত পৰিষদৰ ভোট দান প্ৰক্ৰিয়া ৷ নিৰ্বাচনৰ পূৰ্বেই সকলো ৰাজনৈতিক দলেই আৰম্ভ কৰিছে নিৰ্বাচনী কুট-কৌশল ৷ সমান্তৰালকৈ পিছপৰি ৰোৱা নাই কংগ্ৰেছ দলৰ নেতা পালি নেতা সকলো ৷
ঠিক একেদৰে মৰিগাঁৱত তিৱা স্বায়ত্ব শাসন পৰিষদৰ ৮ নং ঘগুৱা সমষ্টিতো দেখা পোৱা গ'ল সকলো ৰাজনৈতিক দলৰে নিৰ্বাচনী কুচ-কাৱাজ ৷ একেদৰে কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰাজকিশোৰ ৰহাঙেও সমষ্টিটোৰ মূল ব্যৱসায়ী কেন্দ্ৰ হিচাপে পৰিচিত ঘগুৱা চাৰিআলিত আজি নিৰ্বাচনী কাৰ্যালয় এটাৰ শুভ উদ্ধোধন কৰে ৷ উক্ত কাৰ্যালয়টো উদ্ধোধন কৰে নগাঁৱৰ সাংসদ তথা প্ৰাক্তন শক্তি মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈয়ে ৷ নিৰ্বাচনী কাৰ্যালয়ৰ উদ্ধোধনী ভাষণত সাংসদ গৰাকীয়ে শাসকীয় বিজেপি দলটোক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ লগতে কংগ্ৰেছ দলৰ তিৱা স্বায়ত্ব পৰিষদীয় নিৰ্বাচনৰ প্ৰাৰ্থী ৰাজকিশোৰ ৰহাঙক ভোট দি জয় যুক্ত কৰিবলৈ উপস্থিত ৰাইজক আহবান জনায় ।
আনহাতে, শাসকীয় বিজেপি দলৰ মনোনীত প্ৰাৰ্থী মিহিৰ বৰদলৈ, অসম গণ পৰিষদৰ মন্টু বৰদলৈ আৰু নিৰ্দলীয় প্ৰাৰ্থী এডিচন দেউৰীয়েও নিজৰ নিজৰ প্ৰচাৰ অব্যাহত ৰাখে ।
লগতে পঢ়ক-সোমবাৰে বহু প্ৰতীক্ষিত বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্য়ায়ৰ ভোট গ্ৰহণ