মৰিগাঁও, 16 জুন: মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহ চক্ৰত বায়ু মেট্ৰিক আধাৰ কাৰ্ডৰ নামত ৰমৰমীয়া বেহা একাংশ কৰ্মচাৰীৰ । উত্থাপিত অভিযোগ অনুসৰি বায়ু মেট্ৰিক আধাৰ কাৰ্ডৰ নামত প্ৰতিজন লোকৰ পৰা এশ পৰা চাৰিশ টকা পৰ্যন্ত ধন সংগ্ৰহ কৰি চলাইছে ৰমৰমীয়া বেহা । পূৰ্বৰ পৰা আধাৰ কাৰ্ড বায়ু মেট্ৰিক বিষয়া নিৰ্মল সৰকাৰে সংগ্ৰহ কৰি আহিছে এই ধন৷ টকা নিদিলে বায়ু মেট্ৰিকৰ কাম নকৰে এই জন নিৰ্মল সৰকাৰে ৷ দেওবাৰে ভূৰাগাঁও ৰাজহ চক্ৰলৈ শতাধিক লোকে আহিছিল বায়ু মেট্ৰিকৰ পৰিক্ষা কাৰিবলৈ । কামৰ বিনিময়ত প্ৰত্যেকজন লোকৰ পৰা ধন লোৱা পৰ্ব আৰম্ভ কৰিছিল বিষয়া নৰ্মল সৰকাৰে । তাৰ পাছতেই এক হুলস্থুলীয়া পৰিবেশৱৰ সৃষ্টি হৈছিল ৰাইজৰ মাজত । এই হুলস্থুলীয়া পৰিবেশৰ সুযোগলৈ কায্যালয়ৰ পৰা পলায়ন কৰে বায়ু মেট্ৰিক বিষয়া নিৰ্মল সৰকাৰে । অৱেশষত ভূৰাগাঁৱৰ আৰক্ষী উপস্থিতহৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ।
বায়-মেট্ৰিক টেষ্টৰ নামত ধন সংগ্ৰহ চৰকাৰী কৰ্মচাৰীৰ - ভূৰাগাঁও ৰাজহ চক্ৰ
আধাৰ কাৰ্ডৰ নামত মৰিগাঁৱৰ লাহৰীঘাটত একাংশ অসাধু চক্ৰ নামি পৰিছে ধনঘটা প্ৰতিযোগিতাত । আবেদনকাৰীৰ মাজত হাহাকাৰ ৷ আৰক্ষীৰ দ্বাৰা পৰিস্থিতি নিয়ন্ত্ৰণ ।