ETV Bharat / state

এটা পৰিত্যক্ত ঘৰৰ চৰ্চা লাহৰীঘাটবাসীৰ মাজত

author img

By

Published : Oct 5, 2020, 8:53 AM IST

একপ্ৰকাৰ ভূত বাংলাত পৰিণত এটা বাসগৃহ ৷ বিগত প্ৰায় 25 বছৰে পৰিত্যক্ত অৱস্থাত থকা গৃহটোৰ দুৱাৰ মুকলি হয় নিৰ্বাচনৰ পূৰ্বে ৷ কাৰ আৰু কি কাৰণে নিৰ্বাচনৰ পূৰ্বে মুকলি হয় এই বাসগৃহ ?

an abandoned house of Laharighat morigaon assam etv bharat news
এটা পৰিত্যক্ত ঘৰ

মৰিগাঁও,5 অক্টোবৰ: বিগত প্ৰায় 25 বছৰে পৰিত্যক্ত অৱস্থাত থকা এটা অসম আৰ্হিৰ ঘৰ ৷ ঘৰটোক লৈ বিশেষ চৰ্চা এক নিৰ্দিষ্ট অঞ্চলৰ বাসিন্দাসকলৰ মাজত ৷ কিয়নো, নিৰ্বাচনৰ পূৰ্বেহে খোল খায় ঘৰটোৰ দুৱাৰ ৷ সেই ঘৰটো আন কাৰো নহয়, এসময়ৰ কংগ্ৰেছৰ প্ৰভাৱশালী মন্ত্ৰী ডাঃ নজৰুল ইছলামৰ মৰিগাঁৱস্থিত বাসগৃহটোৰ কথাই কোৱা হৈছে ৷ 81 নং লাহৰীঘাট বিধানসভা সমষ্টিৰ পৰিদৰ্শন বাংলোৰ সমীপত থকা এই বাসগৃহটো সম্প্ৰতি পৰিণত হৈছে একপ্ৰকাৰৰ ভূত বাংলালৈ ৷ বিগত প্ৰায় 15 বছৰে অসম চৰকাৰৰ এগৰাকী মন্ত্ৰীৰ পদত ন্যস্ত থকাৰ লগতে 10 বছৰ ধৰি বিধায়ক হৈ ৰোৱা ডাঃ ইছলামৰ এইটোৱে একমাত্ৰ ঘৰ নহয় । প্ৰাক্তন মন্ত্ৰীগৰাকীৰ অন্য এক বাসগৃহ আছে লাহৰীঘাটৰ সমীপৰ উলুবাৰীত । ইয়াৰ লগতে ৰাজধানী গুৱাহাটীৰ কেন্দ্ৰবিন্দু স্বৰূপ দিছপুৰৰ গাতে মন্ত্ৰীগৰাকীৰ নামত আছে এক বিলাসী অট্টালিকা ৷

নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ উদ্দেশ্যে মন্ত্ৰীগৰাকীয়ে এই গৃহ নিৰ্মাণ কৰিছিল ৷ প্ৰতিটো নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে ইয়ালৈ আহি দলীয় নেতা-কৰ্মীৰ সৈতে মিলিত হৈ নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰে বুলি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ নিৰ্বাচনত জয়লাভ কৰাৰ পিছতে ইছলামে পূৰ্বৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মন্ত্ৰীসভাত নিয়োজিত হৈছিল এগৰাকী কেবিনেট মন্ত্ৰীৰূপে ৷

ডাঃ নজৰুল ইছলাম সন্দৰ্ভত এআইইউডিইফৰ প্ৰতিক্ৰিয়া

এই সন্দৰ্ভত এআইইউডিএফ-ৰ জিলা সভাপতি চিদ্দিক আহমেদে এইবেলি নিৰ্বাচনত ইছলামক হৰুৱাবলৈ সমষ্টিবাসী বদ্ধপৰিকৰ হোৱা বুলি ব্যক্ত কৰে ৷ ইফালে লাহৰীঘাটবাসীয়ে ইছলামৰ এনে দীৰ্ঘদিনীয়া শাসনত অতিষ্ঠ হৈ পৰৱৰ্তী নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ উঠিছে ৷ ইছলাম নিজে নোৱাৰিলেও পুত্ৰৰ জৰিয়তে এইবাৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ এক চৰ্চা বৰ্তমান লাহৰীঘাটবাসীৰ মাজত চলি থকা দেখা গৈছে ৷

লগতে চাওকঃ লংগাই নৈত উদ্ধাৰ কণমানিৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.