মৰিগাঁও,15 নৱেম্বৰ : ৰাজ্যৰ আন আন ৰাজনৈতিক দলৰ সমান্তৰালকৈ মৰিগাঁৱত অসম জাতীয় পৰিষদৰো বৃদ্ধি পাইছে ৰাজনৈতিক তৎপৰতা । দেওবাৰে মৰিগাঁও পবিতৰাহাট প্ৰেক্ষাগৃহত অসম জাতীয় পৰিষদৰ সমষ্টিটোৰ মৰিগাঁও সমিতিৰ এখন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায় ৷
কেইবাগৰাকী সভাপতি মণ্ডলীৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা এই আলোচনা চক্ৰত 21ৰ বিধানসভা নিৰ্বাচনত মৰিগাঁও বিধানসভাৰ সমষ্টিত থকা 21 খন পঞ্চায়তৰ ৰাজনৈতিক প্ৰেক্ষাপট সন্দৰ্ভত নিজ নিজ মত আগবঢ়ায় প্ৰতিগৰাকী দলীয় প্ৰতিনিধিয়ে ।
ইয়াৰ পাচতে দলীয় ৰণকৌশল প্ৰস্তুত কৰাৰ ক্ষেত্ৰত এক আলোচনা কৰা বুলি দলীয় সূত্ৰত প্ৰকাশ পাইছে । উক্ত আলোচনা চক্ৰত চিমল দেউৰী, পূৰ্ণানন্দ শইকীয়া, মিন্টু কুমাৰ নাথ, জয়ন্ত ডেকা, অৰবিন্দ হাজৰিকাসহ মৰিগাঁও সমষ্টিৰ অন্তৰ্গত সমিতিৰ বহুকেইগৰাকী আগশাৰীৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক : দীপাৱলীৰ সন্ধিয়া মৰিগাঁৱত সাতটাকৈ স্থানত চোৰৰ অভিযান