ETV Bharat / state

অসমত বিকল্প ৰাজনীতিৰ সন্ধানত ব্যস্ত আপ

author img

By

Published : Jun 14, 2020, 12:42 AM IST

2021ৰ বিধানসভা নিৰ্বাচনলৈ মাজত কিছু সময় থকা অৱস্থাতে ৰাজ্যত চলিছে বিভিন্ন ৰাজনৈতিক দলৰ তৎপৰতা ৷ পাছ পৰি থকা নাই আপ অৰ্থাৎ আম আদমী পাৰ্টী ।

AAP geared up for Assam Election
অসমত বিকল্প ৰাজনীতিৰ সন্ধানত ব্যস্ত আপ

মৰিগাঁও, 13 জুন : অসমত বিকল্প ৰাজনীতিৰ সন্ধানত 21ৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব আম আদমী পাৰ্টী ৷ আপৰ অসম ৰাজ্যিক সমিতিৰ বিষয়বৱীয়াই শনিবাৰে মৰিগাঁৱৰ সমিতিৰ সদস্যসকলৰ সৈতে দলীয় কামকাজৰ বুজ লয় ৷ ইয়াৰ পাছত সংবাদ মেল সম্বোধন কৰি ৰাজ্যিক সমিতিৰ সম্পাদক বনদ্বীপ দত্তই কয় যে এইয়া ৰাইজৰ দল, ৰাইজৰ দ্বাৰা গঠিত আৰু পৰিচালিত দল । স্বৰূপাৰ্থত আপৰ বাদে ৰাজ্যক প্ৰতিনিধিত্ব দিব পৰা দল আন নাই । ৰাজ্যিক সম্পাদকগৰাকীয়ে অসমৰ ৰাইজক ৰাজ্যৰ উন্নতি আৰু জনসাধাৰণৰ উমৈহতীয়া স্বাৰ্থৰ বাবে দলে-বলে যোগদান কৰিবলৈ সংবাদমেলযোগে আহ্বান জনায় ৷

ইতিমধ্যেই ৰাজ্যৰ 22খন জিলাৰ লগতে 70ৰ পৰা 80টা বিধানসভা সমষ্টিত সমিতি গঠন কৰিছে দিল্লীত চৰকাৰ গঠন কৰা আপে ৷ ৰাজ্যত সাধাৰণ লোকসকলৰ মাজত মিছকলেৰে দলত যোগদানৰ অভিযান অব্যাহত ৰাখিছে আপে ৷ ইয়াৰ উপৰিও নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলটোৱে ৰাজ্যৰ প্ৰায়ভাগ পৰিয়ালকে বিতৰণ কৰিব একোখনকৈ প্ৰচাৰ পত্ৰিকা ৷

অসমত বিকল্প ৰাজনীতিৰ সন্ধানত ব্যস্ত আপ

ইতিমধ্যে দেশত আপৰ প্ৰতি সাধাৰণ জনতা আকৃষ্ট হোৱাৰ সমান্তৰালকৈ মৰিগাঁও জিলাৰ একাংশ বিজেপি নেতাই অচিৰে দলটোত যোগদান কৰিব বুলিও মৰিগাঁৱত চৰ্চা লাভ কৰিছে । মুঠৰ ওপৰত আপৰ এই তৎপৰতাই পৰৱৰ্তী কালত ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰত কেনে প্ৰভাৱ পেলায় সেয়াহে লক্ষণীয় হ'ব ।

লগতে পঢ়কঃ গোপনে গোপনে গেৰুকামুখলৈ কঢ়িয়াইছে বৃহৎ নদীবান্ধৰ সামগ্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.