কলিয়াবৰ, 11 নৱেম্বৰঃ কলিয়াবৰৰ 3নং বৰঘুলিৰ এটি দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী ৷ টি যমজ কন্যা সন্তানৰ পিতৃ তথা সাধাৰণ জীৱন যাপন কৰা হাফিজ আলীৰ জীৱনলৈ হঠাতে নামি আহে অমানিশা ৷ অতি দৰিদ্ৰ পৰিয়ালৰ লোকজনৰ যোৱা দুমাহ পূৰ্বেই বিকল হৈ পৰে দুয়োটা বৃক্ক ৷ ইতিমধ্যে গুৱাহাটী, তেজপুৰকে ধৰি চেন্নাইতো চিকিৎসা কৰা ব্যক্তিজনে চিকিৎসাৰ নামত সকলো টকা-পইচা, সা-সম্পত্তি শেষ কৰিছে ৷ বাকী থকা মাটিখিনিও নৈৰ খহনীয়াত উটি যায় ৷ যাৰবাবে এতিয়া উপায়বিহীন হৈ পৰিছে পৰিয়ালটো ৷
লগতে পঢ়কঃ হাউলীত শুভাৰম্ভ ৯২ সংখ্যক ৰাস মহোৎসৱ
হাফিজ আলীৰ সুস্থ হোৱাৰ সম্ভাৱনা আছে যদিও একমাত্ৰ ধনৰ অভাৱৰ বাবেই চিকিৎসাৰ পৰা বঞ্চিত হৈ আছে ৷ অসহায় হৈ পৰা পৰিয়ালটোৱে এতিয়া সদাশয় ৰাইজৰ লগতে চৰকাৰক কাতৰ অনুৰোধ জনাইছে ৷ পৰিয়ালটোৱে অসম গ্ৰামীণ বিকাশ বেংকৰ একাউন্ট নম্বৰ 7258010038508(IFSC Code U T B IORRBAGB)ত আৰ্থিক সাহাৰ্য প্ৰদান কৰিবলৈ অথবা 9101754770 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ৷