মৰিগাঁও, 4 মে': সমগ্ৰ দেশৰ লগতে ৰাজ্যতো এতিয়া ভয়ংকৰ হৈ পৰিছে ক'ভিড পৰিস্থিতি ৷ দিনক দিনে বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ সমান্তৰালকৈ, মৰিগাঁৱতো ক্ৰমান্বয়ে ভয়াৱহ ৰূপ লৈছে কৰ'ণা পৰিস্থিতিয়ে ৷
সোমবাৰে মৰিগাঁও জিলাৰ বিভিন্ন ক'ভিড পৰীক্ষা কেন্দ্ৰত 863 গৰাকী লোকক ক'ভিড পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছিল জিলা স্বাস্থ্য বিভাগে ৷ তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাৰ পিছতে 74 গৰাকীকৈ লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ উপস্থিতি । ইফালে জিলাখনত বৰ্তমান কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 698 জনলৈ বৃদ্ধি পাইছে ।
উল্লেখ্য যে, যোৱা এপ্ৰিল মাহৰ পৰাই জিলাখনত মুঠ 36,784 গৰাকী লোকক ৰেপিড এন্টিজেন পৰীক্ষা কৰা হৈছিল ৷ ইয়াৰে ভিতৰত 665 গৰাকীৰ দেহত ক'ভিড পজিটিভ ধৰা পৰে। ইফালে সোমবাৰৰ দিনটো লৈকে জিলাখনত 698 গৰাকীলৈ বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷
আনহাতে, এই কৰ'ণা ৰোগৰ পৰা আৰোগ্য লাভ কৰি মুঠ 120 গৰাকী লোকক ঘৰলৈ যাব দিয়া হৈছে । জিলাখনত বৰ্তমান হোম কোৱাৰেন্টাইন হৈ আছে 543 গৰাকীকৈ লোক আৰু চিকিৎসালয়ত 34 গৰাকী চিকিৎসাধীন বুলি স্বাস্থ্য বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে ।
জিলাখনত বৰ্তমানলৈকে ক’ভিডত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হোৱা বুলি জিলা স্বাস্থ্য বিভাগে সদৰি কৰিছে ।