মৰিগাঁও, 11 অক্টোবৰ : ৰাজ্যৰ ভিন্ন প্ৰান্তত কয়লা ছিণ্ডিকেটৰ বাতৰি বিভিন্ন সময়ত প্ৰকাশ পাই অহাৰ সময়তে মধ্য অসমতো কয়লাৰ ছিণ্ডিকেট চক্ৰ সক্ৰিয় হৈ উঠাৰ তথ্য পোহৰলৈ আহিছে ৷ দেওবাৰে মৰিগাঁৱত তিনি খনকৈ অবৈধ কয়লা সৰবৰাহ কৰা ট্ৰাক জব্দ কৰে জাগীৰোড আৰক্ষীয়ে ৷ কোনো ধৰণৰ নথি-পত্ৰ অবিহনেই চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা কয়লা খিনি আনি থকা অৱস্থাত আৰক্ষীৰ নিয়মীয়া তালাচীত ধৰা পৰে তিনিওখন ট্ৰাক ৷ ML -10C 3279, NL-01AC 3729 আৰু ML-05S 1747 নম্বৰৰ অবৈধ কয়লা সৰবৰাহ কৰা তিনিওখন ট্ৰাক জব্দ কৰাৰ লগতে আটক কৰে তিনিজনকৈ লোকক ৷
ইতিমধ্যে তিনিওজনকে জে'ললৈ প্ৰেৰণ কৰা হৈছে ৷ আনহাতে, কয়লা চক্ৰৰ লগত জড়িত আন লোককো শীঘ্ৰে তদন্ত কৰি আৰক্ষীক আটক কৰিবলৈ দাবী জনাইছে তিৱা ছাত্ৰ সন্থাৰ জাগীৰোড আঞ্চলিক সমিতিৰ বিষয় ববীয়াই ৷
লগতে পঢ়কঃপঞ্জাৱৰ 29 টা সংগঠনক কৃষক আইন সন্দৰ্ভত আলোচনাৰ বাবে আমন্ত্ৰণ কেন্দ্ৰীয় চৰকাৰৰ