ETV Bharat / state

বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে ১৬২ বছৰীয়া কমিটি ভাওনাৰ শুভাৰম্ভ - ১৬২ সংখ্যক ত্ৰিবাৰ্ষিক চৰাইবাহী কমিটী ভাওনা

মৰিগাঁৱত ঐতিহ্যমণ্ডিত ১৬২ সংখ্যক ত্ৰিবাৰ্ষিক চৰাইবাহী কমিটী ভাওনাৰ শুভাৰম্ভ হয় । ১৮৫১ চনৰ ৰাণী ভিক্টোৰিয়াৰ দিনৰ পৰা প্ৰতি তিনি বছৰৰ ব্যৱধানত অনুষ্ঠিত হৈ আহিছে এই কমিটী ভাওনাখন ৷

বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে ১৬২ বছৰীয়া কমিটি ভাওনাৰ শুভাৰম্ভ
author img

By

Published : Nov 10, 2019, 6:56 PM IST

মৰিগাঁও, 10 নৱেম্বৰঃ মৰিগাঁৱৰ চৰাইবাহীৰ ঐতিহ্যমণ্ডিত ১৬২ বছৰীয়া কমিটি ভাওনাৰ শুভাৰম্ভ হয় । বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰ ধ্বনিত মুখৰিত চৰাইবাহীৰ আকাশ-বতাহ ৷

মৰিগাঁৱত ঐতিহ্যমণ্ডিত ১৬২ সংখ্যক ত্ৰিবাৰ্ষিক চৰাইবাহী কমিটী ভাওনাৰ শুভাৰম্ভ হয় । অনুষ্ঠানৰ লগত সংগতি ৰাখি এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হৈ যায় ৷ এই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে । গায়ন, বায়নৰ খোল-তাল, ডবা নেগেৰা ছন্দত মুখৰিত হয় সমগ্ৰ চৰাইবাহীৰ আকাশ বতাহ । বিশেষকৈ একুৰি পাঁচ গৰাকী শ্ৰীকৃষ্ণ নৃত্য, ভাওৰীয়া, হৰি নাম, ডেকা গাভৰুৰ বিহু নৃত্যৰে সকলোৱে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ।

বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে ১৬২ বছৰীয়া কমিটি ভাওনাৰ শুভাৰম্ভ

উল্লেখযোগ্য যে, ১৮৫১ চনৰ ৰাণী ভিক্টোৰিয়াৰ দিনৰ পৰা প্ৰতি তিনি বছৰৰ মূৰত অনুষ্ঠিত হৈ আহিছে এই ভাওনাখন ৷ চৰাইবাহীৰ কমিটী ভাওনাৰ এই বৰ্ষত ২৫ খনকৈ অংকীয়া ভাওনা একে সময়তে অনুষ্ঠিত হ'ব । গুৰুজনাৰ আদৰ্শৰে উদ্বুদ্ধ হৈ শৰতৰ পূৰ্ণিমাৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা এই কমিটিৰ ভাওনাই ৰাজ্যৰ সাংস্কৃতিক জগতত বিশেষ তাৎপৰ্য বহন কৰিছে ।

Intro:মৰিগাঁৱত ঐতিহ্যমণ্ডিত ১৬২ বছৰীয়া কমিটি ভাওনাৰ শুভাৰম্ভ ।দেওবাৰে বিশাল সাংস্কৃতিক শোভাযাত্ৰৰে ত্ৰিবাৰ্ষিক কমিটি ভাওনা উদ্বোধন । একে সময়তে একেলগে একুৰি পাঁচ গৰাকী শ্ৰীকৃষ্ণ নৃত্য, শ শ ভাওৰীয়াৰ ছন্দোবদ্ধ নৃত্য ।Body:বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা ৰে ১৬২ সংখ্যক ত্ৰিবাৰ্ষিক চৰাইবাহী কমিটী ভাওনাৰ শুভাৰম্ভ । দেওবাৰে দুপৰীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰীয়ে।গায়ন,বায়নৰ খোল তাল,ডবা নেগেৰা ছন্দত মুখৰিত হয় সমগ্ৰ চৰাইবাহীৰ আকাশ বতাহ । বিশেষকৈ এইসকলৰ হৰি নাম, ডেকা গাভৰুৰ বিহু নাম,জাত নাম তথা বিহু নৃত্যৰে সকলোৱে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ।
উল্লেখযোগ্য যে ১৮৫১ চনৰ পৰা ৰাণী ভিক্টোৰিয়াৰ দিনৰ পৰা প্ৰতি তিনি বছৰৰ মূৰত অনুষ্ঠিত হোৱা চৰাইবাহীৰ কমিটী ভাওনাৰ চলিত বৰ্ষটো চৰাইবাহীৰ সাংস্কৃতিক প্ৰকল্পত ২৫ খনকৈ অংকীয়া ভাওনা একে সময়তে অনুষ্ঠিত হব। গুৰুজনাৰ আদৰ্শৰে উদ্বুদ্ধ হৈ শৰতৰ পূৰ্ণিমাৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা এই কমিটিৰ ভাওনাই ৰাজ্যৰ সাংস্কৃতিক জগতত বিশেষ তাৎপৰ্য বহন কৰিছে ।Conclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.