ETV Bharat / state

জন্ম দিৱসত ৰসৰাজক সুৱঁৰিলে সাহিত্যসভাই - অসম সাহিত্য সভা

ওপজা স্থানত ৰাসৰাজৰ জন্ম দিৱস পালন কৰিলে অসম সাহিত্য সভাই ৷ অনুষ্ঠানত অংশ লৈ সাহিত্যৰথী গৰাকীৰ প্ৰতিমূৰ্তিক এইখন চৰকাৰখনে উপেক্ষা কৰাটো সমীচিন হোৱা নাই বুলি নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ডঃ পৰমানন্দ ৰাজবংশীয়ে ।

মৰিগাঁৱত ৰসৰাজৰ জন্ম দিৱস পালন অসম সাহিত্য সভাৰ
author img

By

Published : Oct 14, 2019, 5:29 PM IST

Updated : Oct 15, 2019, 2:21 PM IST

মৰিগাঁও , 14 অক্টোবৰঃ মৰিগাঁৱৰ আঁহতগুৰিৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ওপজা স্থানত অসম সাহিত্য সভাই পালন কৰিলে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ১৫৬ সংখ্যক জন্ম জয়ন্তী ৷ এই উপলক্ষে সোমাবাৰে পুৱা অসম সাহিত্য সভাৰ সভাপতি, প্ৰধান সম্পাদকসহ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সকল উপস্থিত হৈ সাহিত্যৰথী গৰাকীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন ,বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা জ্ঞাপন কৰে । সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীৰ পৌৰহিত্যত আহতগুৰিৰ ৰাজহুৱা সভাগৃহত অনুষ্ঠিত মুকলি সভাত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ উদ্ধোধন কৰে জিলা উপায়ুক্ত ঋতুৰাজ বৰাই । সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকে অসম আৰু ওড়িয়া সাহিত্যৰ মাজত বিশেষকৈ সাহিত্যৰথী গৰাকীৰ সৃষ্টিৰাজিক আধাৰ ৰূপে লৈ অসম-ওড়িশাৰ সেতুবন্ধন ৰূপে সেৱা আগবঢ়াই অহা দীপক কুমাৰ পাণ্ডা ৷

মৰিগাঁৱত ৰসৰাজৰ জন্ম দিৱস পালন অসম সাহিত্য সভাৰ

আনহাতে সাহিত্যৰ কাণ্ডাৰী গৰাকীৰ ১৫৬ জন্মজয়ন্তীৰ এই অনুষ্ঠানত অংশ লৈ অসম চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ডঃ পৰমানন্দ ৰাজবংশীয়ে । বিশেষকৈ সাহিত্যৰথী গৰাকীৰ প্ৰতিমূৰ্তিক এইখন চৰকাৰখনে উপেক্ষা কৰাটো সমীচিন হোৱা নাই বুলি মন্তব্য কৰি মন্ত্ৰী-বিধায়কক সমালোচনা কৰে সভাপতিজনে ৷ এই সভাতে ৰাজ্যৰ সাহিত্য-সংস্কৃতিলৈ বৰঙনি আগবঢ়োৱা কেইবাজনো ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা অনুষ্ঠানটোৰ আঁত ধৰে সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই ৷

আনহাতে যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত থকা অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ত মাত্ৰ কেইজনমান সাহিত্য সভাৰ কৰ্মকতাই বিশেষ দিনটোত বন্তি প্ৰজ্বলন আৰু মাল্যপণ কৰি দায়িত্ব পালন কৰে ৷

লগতে পঢ়কঃ কপিলীৰ বুকুত 7 দিনৰ অন্তত আৰম্ভ হ'ল উদ্ধাৰ অভিযান

Intro:অসম চৰকাৰৰ বিৰুদ্ধে সোমাবাৰে সোচ্চাৰ হৈ পৰিল অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশী । জাতীয়তাবাদৰ কথা কোৱা চৰকাৰে সাহিত্যৰথী গৰাকীক অৱহেলিত কৰিছে ।Body:মৰিগাঁৱৰ আহতগুৰিৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ওপজা ঠাইত ১৫৬ সংখ্যক জন্ম জয়ন্তী উৎসৱ পালন অসম সাহিত্য সভাৰ ।এই উপলক্ষে সোমাবাৰে পুৱা অসম সাহিত্য সভাৰ সভাপতি, প্ৰধান সম্পাদকসহ কেন্দ্ৰীয় সমিতি বিষয় ববীয়া সকল উপস্থিত হৈ সাহিত্যৰথী গৰাকীৰ প্ৰতিমূৰ্তিত ম্যালাৰ্পণ ,বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা জ্ঞাপন কৰে ।
সোমাবাৰৰ জন্মজয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি আহতগুৰিৰ ৰাজহুৱা সভাগৃহত অনুষ্ঠিত হয় মুকলি সভা। সভাপতি ডঃ পৰমানন্দ ৰাজবংশী পৌৰহিত্যত অনুষ্ঠিত হোৱা এই সভা বন্তি প্ৰজ্বলনৰে উদ্ধোধন কৰে জিলা উপায়ুক্ত ঋতু ৰাজ বৰাই । এই সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে অসম আৰু উৰিয়া সাহিত্যৰ মাজত বিশেষকৈ সাহিত্যৰথী গৰাকী সৃষ্টি ৰাজিক আধাৰ ৰূপে লৈ অসম-উৰিষ্যাৰ সেতুবন্ধন ৰূপে সেৱা আগবঢ়াই অহা দীপক কুমাৰ পাণ্ডাই মুখ্য অতিথি ৰূপে উপস্থিত থাকি কয়।byte: dipak kr pandda hindi

আনহাতে সাহিত্যৰ কাণ্ডাৰী গৰাকীৰ ১৫৬ জন্মজয়ন্তীৰ এই অনুষ্ঠানত অংশ লৈ অসম চৰকাৰৰ খনৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ডঃ পৰমানন্দ ৰাজবংশীয়ে ।বিশেষকৈ সাহিত্যৰথী গৰাকীৰ প্ৰতিমূৰ্তি ক এইখন চৰকাৰৰে উপ্ৰেক্ষা কৰাটো সমীচিন হোৱা নাই বুলি মন্তব্য কৰি স্হানীয় মন্ত্ৰী বিধায়কক সমালোচনা কৰে।byte: dr.paramananda razbongxi
ইফালে এই সভাতে ৰাজ্যৰ সাহিত্য সংস্কৃতিলৈ বৰঙনি আগবঢ়োৱা কেইবাজনো ব্যক্তি সম্বৰ্দ্ধনা জনোৱা সভাখন আঁতধৰে সাহিত্য সভাৰ প্ৰধান সম্পাদক প্ৰদুম ৰাজখোৱাই।ইযাৰ বিপৰীতে পুৱা ভাগত অনুষ্ঠিত কপিলী পাৰৰ জন্মস্হানৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পৰিচালনা কৰে মৰিগাঁও জিলা সমিতিৰ সম্পাদক পিনাকী ভূষণ মহন্ত ই। মুকলি সভাত বেজবৰুৱাৰ স্মৃতি ৰক্ষা সমিতি, আহতগুৰিৰ শতদল আঞ্চলিক সমিতিৰ বিষয় ববীয়া লগতে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি বুবুমণি গোস্বামী, চলচিত্ৰ পৰিচালক হেমেন দাস,মৰিগাঁও জিলা সাংবাদিক সন্হাৰ সভাপতি প্ৰতাপ হাজৰিকা, প্ৰাক্তন সম্পাদক অজিত শৰ্মা, জয়ন্ত কুমাৰ ডেকাৰ প্ৰমুখ্যে কেন্দ্ৰীয় সমিতি বিষয় ববীয়াই অংশ লয়।Conclusion:Ratuldeka etv Bharat morigaon
Last Updated : Oct 15, 2019, 2:21 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.