ETV Bharat / state

মাজুলীত ব্ৰহ্মপুত্ৰক পূজা-ভোগ অৰ্পণ সত্ৰাধিকাৰসহ ৰাইজৰ - মাজুলীত ব্ৰহ্মপুত্ৰক পূজা-ভোগ অৰ্পন সত্ৰাধিকাৰসহ ৰাইজৰ

ভয়াৱহ খহনীয়াৰ কৱলত মাজুলী ৷ ত্ৰাহি মধুসূদন দেখিছে খহনীয়া গ্ৰস্ত ৰাইজে । ব্ৰহ্মপুত্ৰ ব’ৰ্ডে ৰূপায়ণ কৰা ৩০ কোটিৰো অধিক টকাৰ অভিলাষী আঁচনি নদীত বিলীন হোৱাৰ উপক্ৰম হৈছে । উপায়ন্তৰ হৈ ব্ৰহ্মপুত্ৰত পূজা দিলে সত্ৰাধিকাৰ সহ ৰাইজে ৷

মাজুলীত ব্ৰহ্মপুত্ৰক পূজা-ভোগ অৰ্পণ সত্ৰাধিকাৰসহ ৰাইজৰ

author img

By

Published : Oct 26, 2020, 7:22 PM IST

মাজুলী, 26 অক্টোবৰ : মাজুলী ভকত চাপৰিত ভয়াৱহ ভাৱে বৃদ্ধি পাইছে খহনীয়া । ত্ৰাহি মধুসূদন দেখিছে খহনীয়া গ্ৰস্ত ৰাইজে । পদুমনিৰ পৰা গৰুখুটিলৈকে সুদুৰ ৪ কি:মি: জাহ গ’ল নদীৰ বুকুত । উচন হ’ল চামগুৰিৰ কেইবাটাও পৰিয়ালৰ ঘৰ মাটি । সৰ্বহাৰাই কৰা আৰ্তনাদ এতিয়া কাৰো শুনিবলৈ আজৰি নাই । ব্ৰহ্মপুত্ৰ ব’ৰ্ডে ৰূপায়ণ কৰা ৩০ কোটিৰো অধিক টকাৰ অভিলাষী আঁচনি নদীত বিলীন হোৱাৰ উপক্ৰম হৈছে ।

মাজুলীত ব্ৰহ্মপুত্ৰক পূজা-ভোগ অৰ্পণ সত্ৰাধিকাৰসহ ৰাইজৰ

জিঅ’ বেগৰ এপ্ৰ’নে ৰক্ষা কৰিব নোৱাৰিলে অঞ্চটোক। সোমবাৰে ঐতিহাসিক আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামী বৈষ্ণৱসহ উপস্থিত হয় অঞ্চলটোত,বুজ লয় খহনীয়াগ্ৰস্তৰ দুখ দুৰ্দশা । চামগুৰি অঞ্চলত সত্ৰাধিকাৰ গৰাকীয়ে মাংগলিক বিধি অনুসৰি পাৰত পূজা অৰ্চনা কৰি ভোগ দিলে বুঢ়া লুইতত । ভকতচাপৰিৰ ১৬ গাঁৱৰ ৰাইজৰ সহযোগত সত্ৰাধিকাৰ গৰাকীয়ে বৈদিক মন্ত্ৰ উচ্চাৰণ কৰি ভোগ দিয়ে । অঞ্চলটোৰ সুৰক্ষাৰ বাবে চৰকাৰক আহ্বান জনায় ।

শৈলস্পাৰ দি উক্ত অঞ্চলত খহনীয়া প্ৰতিৰোধ নকৰিলে অঞ্চলটোৰ লগতে আৰু বহু অঞ্চল নদীত জাহ যাব । তেওঁ লগতে কয় সম্পূৰ্ণ ভক্তি ভাৱে এনেদৰে বৰলুইতক সেৱা কৰিলে হয়তো ক্ষান্ত হ’ব পাৰে বুলি এই পন্থা লৈছে । ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ বিজ্ঞানসন্মত অভিলাষী আঁচনি বিফল হোৱাৰ পাছত এতিয়া নেদেখা জনেই শেষ ভৰষা হৈ পৰিছে ভকত চাপৰিৰ এইসকল লোকৰ ।

লগতে পঢ়ক : কুশিয়াৰা নৈত প্ৰশাসনত নিৰীক্ষণত চলিছে প্ৰতিমা বিসৰ্জন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.