ETV Bharat / state

মাজুলী ৰঙাচাহী মহাবিদ্যালয়ত বিশ্ব ৰক্তদাতা দিৱস পালন - Awareness meeting and blood donation camp in Majuli

আজি বিশ্ব ৰক্তদাতা দিৱস(World Blood Donor Day) । সমগ্ৰ বিশ্ব তথা ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মাজুলীতো পালন কৰা হয় বিশ্ব ৰক্তদাতা দিৱস । মাজুলী ৰঙাচাহী মহাবিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয় বিশ্ব ৰক্তদাতা দিৱস ।

world blood donor day celebrated at majuli rangasahi college
মাজুলী ৰঙাচাহী মহাবিদ্যালয়ত বিশ্ব ৰক্তদাতা দিৱস পালন
author img

By

Published : Jun 14, 2022, 6:38 PM IST

মাজুলী, ১৪ জুন: বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে সমগ্ৰ বিশ্ব তথা ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মাজুলীতো আয়োজন কৰা হয় এক বিশেষ কাৰ্যসূচী(World Blood Donor Day) । বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে মাজুলীৰ গড়মূৰ পীতাম্বৰ দেৱ জিলা চিকিৎসালয়ৰ সহযোগত মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ত ৰক্তদানৰ ওপৰত এখনি সজাগতা সভাৰ লগতে ৰক্তদান শিবিৰৰো আয়োজন কৰা হয়(Awareness meeting and blood donation camp in Majuli)। এই কাৰ্যসূচীত বিশেষ তৎপৰতাৰে অংশ গ্ৰহণ কৰে ৰঙাচাহি মহাবিদ্যালয়ৰ NSS ,RCSC আৰু IQAC য়ে ।

মাজুলী ৰঙাচাহী মহাবিদ্যালয়ত বিশ্ব ৰক্তদাতা দিৱস পালন

উক্ত সভাত মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী, জিলা যুটীয়া স্বাস্থ্য সঞ্চালক শশীধৰ ফুকন, ডাক্তৰ মাণিক মিলিৰ লগতে মহাবিদ্যালয়খনৰ শিক্ষাগুৰুসকলৰ লগতে সমূহ ছাত্র ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । উক্ত অনুষ্ঠানতে ৰক্তদাতা দিৱসৰ লগত সংগতি ৰাখি জ্যেষ্ঠ চিকিৎসক ডাক্টৰ মাণিক মিলিৰ স্বৰচিত এটি সজাগতা মূলক গীত উন্মোচন হয় ।

গীতটি উন্মোচন কৰে সত্ৰাধিকাৰ জনাৰ্দ্দন গোস্বামীয়ে । ইফালে জ্যেষ্ঠ চিকিৎসক ডাক্টৰ মাণিক মিলিয়ে কয় যে এই অনুস্থানটো যথেষ্ট সফল হৈছে ৷ ৰক্তদানৰ বাবে ছাত্র-ছাত্ৰী সকল আগবাঢ়ি আহিছে, যি আহি থকা দিনৰ বাবে এটা ভাল লক্ষণ ।

লগতে পঢ়ক: ডিজুত অবৈধ ক্ৰেছাৰ মিল-বিটুমিন প্লাণ্ট বন্ধৰ দাবীত শিক্ষাৰ্থীৰ প্ৰতিবাদ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.