ETV Bharat / state

সুদীৰ্ঘ 7বছৰৰ মুৰত ন্যায় লাভ কৰিলে মাজুলীৰ শান্তনুৱে

সুদীৰ্ঘ 7 বছৰৰ অন্তত মাজুলীৰ বৰদোৱাৰ নিজ গৃহত উপস্থিত হয় শান্তনু দলে ৷ শান্তনুৰ পিতৃ-মাতৃ আৰু ভাতৃক 7 বছৰ পূৰ্বে ডাইনী সন্দেহত হত্যা কৰিছিল দুৰ্বৃত্তই ৷

author img

By

Published : Mar 15, 2020, 12:01 AM IST

Witch hunting story majuli jorhat assam etv bharat news
সুদীৰ্ঘ 7বছৰৰ মুৰত ন্যায় লাভ কৰিলে মাজুলীৰ শান্তনুৱে

মাজুলী,14 মাৰ্চঃ মাজুলীৰ বৰদোৱাত 7 বছৰ পূৰ্বে সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ড । এজাক উন্মত্ত লোকে শোৱাপাটিৰ পৰা উঠাই নি নৃশংসভাৱে হত্যা কৰিছিল শান্তনু দলে নামৰ যুৱকজনৰ পিতৃ-মাতৃ আৰু ভাতৃক । একেটা পৰিয়ালৰে তিনিজন ব্যক্তিক হত্যা কৰি নদীত উটাই দিছিল দুৰ্বৃত্তই । ডাইনী সন্দেহত দুৰ্বত্তই হত্যা কৰিছিল লোককেইজনক ৷ ঘটনা সন্দৰ্ভত 7বছৰ ধৰি চলা গোচৰৰ পিছত ন্যায় পালে শান্তনুৱে ।

শুকুৰবাৰে যোৰহাটৰ ছেচন আদালতে উক্ত হত্যাকাণ্ডৰ চূড়ান্ত ৰায় প্ৰদান কৰে ৷ লগতে অভিযুক্তসকলৰ এজনক ফাঁচী আৰু 11জনক যাৱজ্জীৱন কাৰাদণ্ড দিয়ে আদালতে । পিতৃ-মাতৃৰ মৃত্যুৰ পাছত জেংৰাইমুখৰ মোমায়েকৰ ঘৰত ডাঙৰ দীঘল হয় শান্তনু । শনিবাৰে গড়মুৰ আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীক লগত লৈ শান্তনু দলে উপস্থিত হয় নিজ পিতৃ-মাতৃৰ ঘৰত । নামনি মাজুলীৰ বৰদোৱাৰ পৰা শান্তনু তিতালাওস্থিত বাসগৃহত উপস্থিত হয় । দীৰ্ঘদিনে পৰিত্যক্ত ঘৰটোৰ ধংসাৱশেষৰ মাজত এতিয়াও ঠিয় হৈ আছে ঘৰটোৰ পকা খুঁটাকেইটা,বেৰত ওলমি ৰৈছে শান্তনুয়ে বিদ্যালয়লৈ নিয়া বেগটো ।

আনহাতে,দনিপলক সাক্ষী কৰি পৰম্পৰা অনুসৰি ধুপ-বন্তি জ্বলাই সেৱা কৰি পিতৃ-মাতৃ আৰু ভাতৃৰ বিদেহী আত্মাৰ সদগতি কামনা কৰে ।

লগতে চাওকঃযোৰহাটত ডাইনী হত্যাত জড়িত দোষীক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.