মাজুলী,27 মাৰ্চ: 99 নং মাজুলী বিধানসভা সমষ্টিত শনিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ ৷ ভোট গ্ৰহণ কেন্দ্রত পৰিলক্ষিত হৈছে ভোটাৰৰ দীঘলীয়া শাৰী ৷
মাজুলীৰ আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুৱেও ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অহা পৰিলক্ষিত হয় । তেওঁ সাংবাদিকৰ আগত কয় যে, যদিও তেওঁ সত্রীয়া পৰম্পৰাৰ সৈতে জড়িত, কিন্তু তাৰ আগতে তেওঁ এগৰাকী ভাৰতীয় নাগৰিক । নাগৰিক হোৱা হেতুকে তেওঁৰ প্ৰধান দায়িত্ব ভোটাধিকাৰ সাব্যস্ত কৰা আৰু এই সুবিধা 5 বছৰত এবাৰকৈ পোৱা যায়, যাৰ জৰিয়তে মন পছন্দৰ প্ৰাৰ্থী গৰাকীক নিৰ্বাচিত কৰিব পৰা যাব । গতিকে তেওঁ সকলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় ।
লগতে পঢ়ক : ন কংগ্ৰেছী বিতুপন শইকীয়াৰ ভোটদান