ETV Bharat / state

Unhealthy environment in Majuli Ferry Ghat : অস্বাস্থ্যকৰ পৰিৱেশৰ মাজেৰে যাত্ৰা মাজুলীবাসী আৰু পৰ্যটকৰ - Passengers slams IWT

অতি ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে অফলামুখ পাৰ ঘাটত (Condition of Afolamukh Ferry Ghat)। অস্বাস্থ্যকৰ আৰু বিপদসংকুল পথেৰে নিতৌ পাৰ ঘাটলৈ যাত্ৰা কৰিবলগা হৈছে যাত্ৰী আৰু পৰ্যটকসকল । প্ৰশাসন আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে যাত্ৰী ।

Unhealthy environment in Majuli Ferry Ghat
অস্বাস্থ্যকৰ পৰিৱেশৰ মাজেৰে যাত্ৰা মাজুলীবাসী আৰু পৰ্যটকৰ
author img

By

Published : Mar 13, 2023, 11:12 AM IST

অস্বাস্থ্যকৰ পৰিৱেশৰ মাজেৰে যাত্ৰা মাজুলীবাসী আৰু পৰ্যটকৰ

মাজুলী,১৩ মাৰ্চ : মাজুলীৰ দুই লক্ষ জনতাৰ দক্ষিণ পাৰৰ লগত যোগাযোগৰ একমাত্ৰ সম্বল অফলামুখ আৰু কমলাবাৰী পাৰ ঘাট (Ferry ghat in Majuli)। ইফালে প্ৰতিবছৰে দেশী-বিদেশী পৰ্যটকসকলো এই পাৰ ঘাটেৰে মাজুলী দৰ্শনৰ বাবে আহে । মাজুলীৰ প্ৰাকৃতি সৌন্দৰ্য উপভোগ কৰিবলৈ আহে পৰ্যটকসকল । কিন্তু আজিৰ তাৰিখত অফলামুখ পাৰ ঘাটৰ পৰিৱেশ যাত্ৰী তথা পৰ্যটকৰ বাবে অসহনীয় হৈ পৰিছে (Intolerable condition of Afolamukh ferry ghat)।

চাৰিওফালে কেৱল বালি আৰু ধূলি । অস্বাস্থ্যকৰ পৰিৱেশৰ মাজেৰে নিতৌ পাৰ হ'ব লগা হৈছে মাজুলীৰ ৰাইজ লগতে দেশী-বিদেশী পৰ্যটকসকল । মাজুলী লৈ অহা প্ৰতিগৰাকী দেশী-বিদেশী পৰ্যটকে অফলামুখ পাৰ ঘাটত সন্মুখীন হ'ব লাগে ধূলিমই পৰিৱেশৰ । মুকলি বতাহ আৰু সেউজীয়া নদী দ্বীপত ভৰি দিয়ে পৰ্যটকসকল সন্মুখীন হ'ব লাগে এই অস্বাস্থ্যকৰ পৰিৱেশৰ ।

প্ৰায় চাৰি মাহ ধৰি এনেকৈয়ে যাত্ৰীসকল নিতৌ অহা যোৱা কৰিবলগীয়া হৈছে । চৰকাৰী বিষয়া তথা নেতা-মন্ত্ৰী আহিলে এই ধূলিময় পৰিৱেশ ঢাকিবলৈ পানী চটিয়াই জিলা প্ৰশাসনে । কিন্তু নিতৌ অতি অস্বাস্থ্যকৰ পৰিৱেশৰ মাজেৰে পাৰ হোৱা সাধাৰণ নাগৰিকৰ অসুবিধাৰ প্ৰতি গুৰুত্ব নাই প্ৰশাসনৰ । প্ৰশাসন, আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ প্ৰতি সেয়ে ক্ষোভ উজাৰিলে যাত্ৰীসকলে (Passengers angry with IWT)।

ইফালে ধূলিময় পৰিৱেশৰ বাবে যিকোনো মুহূৰ্তত দুৰ্ঘটনাৰো আশংকা কৰিছে যাত্ৰী আৰু গাড়ীচালকসকলে । ফেৰীৰ ভাড়া বৃদ্ধি কৰিছে যদিও যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই প্ৰশাসনে । বিশেষকৈ এনে পৰিৱেশৰ বাবে বাইক আৰোহী, চাইকেল আৰোহীসকল বহু সমস্যাৰ সন্মুখীন হৈছে । নিতৌ ধূলিয়ৰি পথ অতিক্ৰম কৰি বহু লোক বিভিন্ন ৰোগৰ চিকাৰ হৈছে ।

মূৰৰ বিষ, চৰ্দি আদি বিভিন্ন ৰোগত আক্ৰান্ত হৈছে লোকসকল । সাধাৰণ যাত্ৰী আৰু পৰ্যটকৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি জল পৰিবহণ বিভাগক ধূলিয়ৰি পথটোত নিতৌ পানী চটিওৱাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে যাত্ৰীসকলে (Passengers slams IWT)। ইফালে দ গাঁতৰ সৃষ্টি হোৱা পথটোৰ মেৰামতিৰ বাবেও যাত্ৰীসকলে দাবী জনাইছে ।

লগতে পঢ়ক :Azaan Pir Dargah:আজান পীৰ দৰগাহত হিন্দু পৰিয়ালে প্ৰজ্বলন কৰিলে বন্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.