মাজুলী,26 জুন: বানে ক্ৰমাৎ সংহাৰী ৰূপ ধাৰণ কৰিছে ৰাজ্যত ৷ বাৰিষাৰ দ্বিতীয়টো বানৰ কবলত পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত মথাউৰি চিগাত ক্ষতিগ্ৰস্ত হৈছে নৈপৰীয়া ৰাইজ ৷ নদীদ্বীপ মাজুলীতো অব্যাহত আছে বানৰ তাণ্ডৱ ৷ দিনক দিনে বানৰ প্ৰকোপ বৃদ্ধি পোৱাত অধিক সংকটৰ সন্মুখীন হৈছে মাজুলীবাসী ৷
ইফালে নেৰানেপেৰা বৰষুণৰ ফলত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ৷ জিলাখনৰ শালমৰা,যোগীগাওঁ,মেড়াগড়কে ধৰি প্ৰায় ৩৫ খন গাওঁ সম্প্ৰতি বানৰ কবলত ৷ শেহতীয়া পৰিস্থিতিৰ বাবে বৰ্তমান আতংকিত হৈ পৰিছে মাজুলীবাসী ৷ লগতে দুৰ্ভোগ ভোগা স্বত্বেও চৰকাৰ বা স্থানীয় জন প্ৰতিনিধিৰ তৰফৰ পৰা কোনো সাহায্য লাভ নকৰা বুলি আক্ষেপ প্ৰকাশ কৰিছে বানাক্ৰান্তই ৷
লগতে চাওকঃ কলগাছিয়াত কৃত্ৰিম বানৰ তাণ্ডৱ