ETV Bharat / state

Ganashakti Meets in Majuli: গণশক্তি দল আৰু বিজেপিৰ মিত্ৰতা অব্যাহত থাকিব নে? - Mising autonomous council Election

মিচিং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনকলৈ সাজু হৈছে গণশক্তি ৷ মাজুলীত গণশক্তিয়ে আয়োজন কৰিলে ৰাজহুৱা সভা ৷ মিত্ৰতাৰ প্ৰসংগত মুখ খুলিলে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চাৰিঙিয়া ৷ ‘‘মিত্ৰতা আছে আৰু আগলৈকে থাকিব ৷’’

Ganashakti Meets in Majuli
গণশক্তি দল আৰু বিজেপিৰ মিত্ৰতা অব্যাহত থাকিব নে
author img

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 12:07 PM IST

গণশক্তি দল আৰু বিজেপিৰ মিত্ৰতা অব্যাহত থাকিব নে

মাজুলী, 4 অক্টোবৰ : সমাগত মিচিং স্বায়ত্ত শাষিত পৰিষদৰ নিৰ্বাচন । পৰিষদৰ নিৰ্বাচনক লৈ মাজুলীত আৰম্ভ হৈছে কুজকাৱাজ ৷ দলীয় শক্তি বৃদ্ধিৰ বাবে অনুষ্ঠিত কৰিছে বিশেষ সভা ৷ মঙলবাৰে মাজুলীত গণশক্তি দলৰ ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ উক্ত ৰাজহুৱা সভাত উপস্থিত আছিল মিচিং স্বায়ত্ত শাষিত পৰিষদৰ বিষয়াসকল ৷

গণশক্তি দলৰ নিৰ্বাচন কেন্দ্ৰীক কুচকাৱাজৰ মাজতে চৰ্চা চলিছে মিত্ৰতাৰ প্ৰংসগ ৷ গণশক্তি দলৰ কেন্দ্ৰীয় কমিটিয়ে বিজেপিৰ লগত মিত্ৰতাৰ কথা ঘোষণা কৰাৰ পাচতে আৰম্ভ হৈছে সৰব চৰ্চা ৷ ‘‘গণশক্তি নামৰ দলটো বিজেপিলৈ বিয়া হ’ল আৰু বিক্ৰী গ’ল’’ বুলি ৰাইজে সমালোচনা কৰিছিল ৷

তাৰ পাচতে মুখ খুলিছে মিচিং স্বায়ত্ত শাষিত পৰিষদৰ পাৰিষদসকলে ৷ মিত্ৰতাৰ সন্দৰ্ভত মিচিং স্বায়ত্ত শাসন পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চাৰিঙিয়াই কয়,‘‘আমি মিত্ৰতাত আছো আৰু থাকিম ৷ আনহাতে বৰ্তমানেও নিৰ্বাচন দিন ঘোষণা হোৱা নাই ৷ ঘোষণা হলে আমি সিদ্ধান্ত ল’ম ।’’

ইফালে মাজুলীৰ দুই কাৰ্যবাহী সদস্য ত্ৰৈলোক্য পামেগাম আৰু নীল দলেই জনোৱা অনুসৰি, "গণশক্তি দলৰ ভেঁটি শক্তিশালী কৰাৰ অৰ্থে গাঁৱত আমি কাম কৰিছো ৷ মিত্ৰতা বাবে বাট চাই থকা নাই । হয়তো পঞ্চায়ত নিৰ্বাচনত গণশক্তি দলৰ বিজেপিৰে নাথাকিব মিত্ৰতা । কিন্তু গণশক্তি দলৰ কেন্দ্ৰীয় নেতৃত্বই মিত্ৰতাৰ ওপৰত যি সিদ্ধান্ত লয় সেই সিদ্ধান্ত তেওঁলোকে মানি ল’ব ।’’

আনহাতে মাজুলীৰ বিধায়ক ভূৱন গামে মিত্ৰতাৰ সন্দৰ্ভত কয়, গণশক্তিৰে মিত্ৰতা অব্যাহত থাকিব ৷ বিজেপি চৰকাৰক প্ৰতিটো জনগোষ্ঠীৰ লোকে ভাল পায় ৷ এতিয়াও মিত্ৰতা আছে আগলৈও থাকিব ।

লগতে পঢ়ক:Student leader remembered :মাজুলীত প্ৰয়াত ছাত্ৰ নেতা বিপুল চুতীয়াক সোঁৱৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.