ETV Bharat / state

ৰাজ্যজুৰি গুৰুজনাৰ আৱিৰ্ভাৱ তিথি পালন - srimanta sankardev birthday celebration state wide

এইবেলি সত্ৰনগৰী মাজুলীত নাই পূৰ্ৱৰ পৰিৱেশ ৷ মাজুলীৰ 33 খন সত্ৰ আৰু প্ৰায় 2 শতাধিক নামঘৰত অনুষ্টুপীয়াকৈ আয়োজন কৰা হয় গুৰুজনাৰ আৱিৰ্ভাৱ তিথি ৷ একেই দৃশ্য দেখা গ'ল যোৰহাটতো ৷

srimanta sankardev birthday celebration state wide
ৰাজ্যজুৰি গুৰুজনাৰ আৱিৰ্ভাৱ তিথি পালন
author img

By

Published : Sep 26, 2020, 8:33 PM IST

নিউজ ডেক্স, 26 ছেপ্তেম্বৰঃ আজি জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭২ তম আৱিৰ্ভাৱ তিথি ৷ ৰাজ্যজুৰি ক'ভিড-19ৰ ত্ৰাসৰ মাজতে অনুষ্টুপীয়াকৈ আয়োজন কৰা হ'ল ৰূপান্তৰৰ খনিকৰ, বৈষ্ণৱ ধৰ্মৰ প্ৰাণ প্ৰতিষ্ঠাতা শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি ৷

এইবেলি সত্ৰনগৰী মাজুলীত নাই পূৰ্ৱৰ পৰিৱেশ ৷ মাজুলীৰ 33 খন সত্ৰ আৰু প্ৰায় 2 শতাধিক নামঘৰত অনুষ্টুপীয়াকৈ আয়োজন কৰা হয় গুৰুজনাৰ আৱিৰ্ভাৱ তিথি ৷ একেই দৃশ্য দেখা গ'ল যোৰহাটতো ৷ নিয়ম মাফিক নীতিৰে যোৰহাটৰ শংকৰ সংঘৰ জিলা নামঘৰত অনুষ্টুপীয়াকৈ পালন কৰা হয় গুৰুজনাৰ জন্মোসৱ ৷

একেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও আৰু বিলাসীপাৰাতো অনুষ্টুপিয়াকৈ পালন কৰা হ'ল গুৰুজনাৰ জন্মজয়ন্তী ৷ পূৱ বিলাসীপাৰাৰ চাপৰৰ আৰেয়াঝাৰতো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭২ সংখ্যক জন্ম জয়ন্তী মহোৎসৱ পালন কৰা হয় ৷ একেদৰে জগত গুৰুজনাৰ জন্মজয়ন্তী উপলক্ষ্যে মৰিগাঁৱতো নামঘৰ, কীৰ্তন ঘৰ, সত্ৰ আদি মুখৰিত হ'ল গুৰু বন্দনাৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.