ETV Bharat / state

সোমবাৰৰ পৰা পুনৰ প্ৰাণ পাই উঠিব ৰাজ্যৰ বিদ্যালয়-মহাবিদ্যালয় সমূহে - পুৰণিগুদাম ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়

সোমবাৰৰ পৰা পুনৰ আৰম্ভ হ’ব বিদ্যালয়, মহাবিদ্যালয় সমূহৰ পাঠদান প্ৰক্ৰিয়া ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে মাজুলী আৰু পুৰণিগুদামটো চলিছে বিদ্যালসমূহ পৰিস্কাৰ, ছেনিটাইজ কৰা প্ৰক্ৰিয়া ৷

সোমবাৰৰ পৰা পুনৰ প্ৰাণ পাই উঠিব বিদ্যালয়-মহাবিদ্যালয় সমূহে

author img

By

Published : Sep 5, 2021, 10:16 PM IST

Updated : Sep 5, 2021, 10:28 PM IST

মাজুলী, চামগুৰি, 5 ছেপ্তেম্বৰ : ক’ভিডৰ বাবে ৰাজ্য চৰকাৰে বান্ধি দিয়া সকলো নীতি-নিয়ম পালন কৰি সোমবাৰৰ পৰা পুনৰ বিদ্যালয় পাঠদান প্ৰক্ৰিয়াৰ আৰম্ভ কৰাৰ বাবে সাজু হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মাজুলীৰ অগ্ৰণী শিক্ষানুষ্ঠান চামগুৰি সত্ৰৰ ৰাওনা পাৰ আদৰ্শ উচ্চাতৰ মাধ্যমিক বিদ্যালয়ৰ কৰ্তৃপক্ষও সাজু হৈছে পাঠদান প্ৰক্ৰিয়াৰ বাবে ৷

যাৰবাবে বিদ্যালখনৰ প্ৰতিটো শ্ৰেণী কোঠা, বিদ্যালয়খনৰ সকলো ঠাই সুন্দৰকৈ পৰিস্কাৰ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ৷ বিদ্যালয়খন পৰিস্কাৰ কৰাৰ লগতে ছেনিটাইজ কৰাৰো ব্যৱস্থা কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ৷

সোমবাৰৰ পৰা পুনৰ প্ৰাণ পাই উঠিব বিদ্যালয়-মহাবিদ্যালয় সমূহে

ইফালে বিদ্যালয়খনৰ অধ্যক্ষ গৰাকীয়ে সাংবাদিকৰ আগত জানিবলৈ দিয়া মতে, বিদ্যালয় খনৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীয়ে ক'ভিডৰ সকলো নীতি-নিয়ম মানি চলিব লাগিব । সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ লগতে মাস্ক ব্যৱহাৰ কৰাতো বাধ্যতামূলক কৰিছে ৷

লগতে পঢ়কঃ চিকিৎসা ব্যয়ৰ নামত জালিয়াতি; 41 গৰাকী চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু

ক'ভিড মহামাৰীৰ বাবে মাহৰ পাছত মাহ বন্ধ হৈ আছে ৰাজ্যৰ বিদ্যালয় সমূহ যাৰ কাৰণে যথেষ্ট অসুবিধা আৰু লোকচানৰ সন্মুখীন হৈছে ৰাজ্যৰ লাখ লাখ ছাত্ৰ- ছাত্ৰী । মাজুলীৰ দৰে নগাঁও জিলাৰ পুৰণিগুদাম ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়তো শিক্ষক-কৰ্মচাৰী সকলো ব্যস্ত হৈ পৰিছে বিদ্যালয় চাফ-চিকুন আৰু ছেনিটাইজ কৰাত । চৰকাৰে জাৰি কৰা সকলো ক’ভিড প্ৰট’কল মানি পাঠদান আৰম্ভ কৰিবলৈ সাজু হৈছে বিদ্যালয় কৰ্তৃপক্ষ ।

ছাত্ৰ-ছাত্ৰী সকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিখন বিদ্যালয়-মহাবিদ্যালয়তে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ৷

লগতে পঢ়কঃ কাজিৰঙাত নিৰ্মাণ হ’বলগীয়া তিনিখন উৰণীয়া সেঁতুৰ সৰ্ন্দভত কুঠৰীত বিশেষ বৈঠক

Last Updated : Sep 5, 2021, 10:28 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.