ETV Bharat / state

ৰুণুমা হাজৰিকা ভৰালীলৈ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা - শিক্ষক দিৱস

ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপ ৷ 2021 চনৰ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা প্ৰদান কৰা হৈছে মাজুলীৰ ৰুণুমা হাজৰিকা ভৰালীক ৷ এই বাতৰিক লৈ এতিয়া উৎফুল্লিত মাজুলীবাসী ৷

runma hazarika bhorali got state award to teacher 2021
ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা মাজুলীৰ ৰুনুমা হাজৰিকা ভৰালীলৈ
author img

By

Published : Sep 6, 2021, 11:35 AM IST

মাজুলী, 6 ছেপ্তেম্বৰ : ৰাজ্য চৰকাৰে শিক্ষকসকলক প্ৰদান কৰা এক বিশেষ বঁটা হৈছে ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা ৷ যি বঁটাৰ দ্বাৰা ৰাজ্যৰ কৃতী শিক্ষকসকলক বাচনি কৰি তেওঁলোকৰ কষ্ট আৰু ত্যাগক এক স্বীকৃতি প্ৰদান কৰা হয় ৷

প্ৰতিবছৰে ৰাজ্য চৰকাৰে ৰাজ্যৰ কৃতী শিক্ষকসকলক প্ৰদান কৰি আহিছে এই বিশেষ বঁটা ৷ এইবেলি অৰ্থাৎ 2021 চনৰ কৃতী শিক্ষকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকীও শিক্ষকে ৷ 2021 চনৰ কৃতী শিক্ষকৰ বঁটা লাভ কৰাসকলৰ ভিতৰত আছে মাজুলীৰ ৰুণুমা হাজৰিকা ভৰালী ৷

ৰুণুমা হাজৰিকা ভৰালীলৈ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা

লগতে পঢ়ক: অসমৰ দুগৰাকী শিক্ষকলৈ সন্মানীয় ৰাষ্ট্ৰীয় শিক্ষক বঁটা

মাজুলীৰ ১৩ নং চামগুৰি বণিয়া প্ৰাথমিক বিদ্যালয়ত সম্প্ৰতি প্ৰধান শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত ৰুণুমা হাজৰিকা ভৰালী ৷ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা লাভৰ পূৰ্বে জিলা কৃতী শিক্ষকৰ বঁটা লাভ কৰিবলৈও সক্ষম হৈছিল শিক্ষয়িত্ৰীগৰাকীয়ে ৷ শিক্ষয়িত্ৰীগৰাকীৰ এই সাফল্যত আনন্দিত এতিয়া আত্মীয় তথা বৌদ্ধিক সমাজ ৷

প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ বন্ধুত্বমূলক আচৰণৰ বাবে তেওঁ সকলো ছাত্ৰ-ছাত্ৰীৰ প্ৰিয় তথা আদৰ্শ ৷ 5 ছেপ্তেম্বৰৰ শিক্ষক দিৱসৰ দিনটোত মহানগৰীৰ শংকৰদেৱ কলাক্ষেত্ৰত অসম চৰকাৰৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত শিক্ষয়িত্ৰীগৰাকীক এই বঁটা প্ৰদান কৰা হয় ৷

runma hazarika bhorali got state award to teacher 2021
মহানগৰীৰ শংকৰদেৱ কলাক্ষেত্ৰত প্ৰদান কৰা হয় এই বঁটা

লগতে পঢ়ক: মৰাণৰ সতীশ চন্দ্ৰ চুতীয়ালৈ ৰাজ্যিক কৃতী শিক্ষকৰ বঁঁটা

উল্লেখ্য যে, ২০১৮ চনৰ পৰাই মাজুলীৰ ১৩ নং চামগুৰি বণিয়া প্ৰাথমিক বিদ্যালয়ত শিক্ষকতাৰ লগত জড়িত হৈ আছে ৷ কি বিদ্যালয়ৰ চৌহদ, কি শিক্ষাৰ্থীৰ উন্নতি সাধন-সকলোতে তেওঁ গ্ৰহণ কৰি আহিছে এক উল্লেখযোগ্য পদক্ষেপ ৷

ইফালে বিগত প্ৰায় দুটা বছৰে ক’ভিড মহামাৰীৰ বাবে স্তব্ধ হৈ আছে ৰাজ্যৰ শিক্ষাখণ্ড ৷ বন্ধ হৈ আছে বিদ্যালয়ৰ পাঠদান ৷ কিন্তু বিদ্যালয়ত পাঠদান বন্ধ হৈ থকাৰ ফলতো শিক্ষাৰ্থীসকলৰ শিক্ষাদান কৰাত ৰখা নাই অলপো ক্ৰুটি ৷ লক ডাউনৰ সময়ত ঘৰে ঘৰে গৈ শিক্ষাৰ্থীসকলক প্ৰদান কৰি আহিছে পাঠদান ৷

এক প্ৰকাৰে ক’ব পাৰি যে, শিক্ষয়িত্ৰী ভৰালীৰ কষ্ট আৰু ত্যাগৰ বাবে লক ডাউনৰ ফলতো মাজুলীৰ ১৩ নং চামগুৰি বণিয়া প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে বঞ্চিত হ’ব লগা হোৱা নাই শিক্ষাৰ পৰা ৷ শিক্ষয়িত্ৰীগৰাকীৰ এই কাৰ্য সকলোৰে বাবে অনুকৰণীয় তথা আদৰ্শস্বৰূপ ৷

লগতে পঢ়ক: শিৱসাগৰৰ শিক্ষক ব্ৰজেন বৰালৈ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.