ETV Bharat / state

Dakhinpat Satra at Majuli: ঐতিহাসিক দক্ষিণপাট সত্ৰৰ লাইখুঁটাৰ মেৰামতি

author img

By

Published : Mar 27, 2023, 1:26 PM IST

১৬৫৪ চনত প্ৰতিষ্ঠিত দক্ষিণপাট সত্ৰৰ ১০ জোৰ লাইখুটাৰ মেৰামতি আৰম্ভ (Dakhinpat Satra) । ২০০ বছৰীয়া খুটাসমূহৰ তলছোৱা মাটিত পচি যোৱাত কৰ্তৃপক্ষই মেৰামতিৰ কাম আৰম্ভ কৰিছে ।

Repair of Laikhuta of Dakhinpat Satra
দক্ষিণপাট সত্ৰত মেৰামতি
দক্ষিণপাট সত্ৰত মেৰামতি

মাজুলী, ২৭ মাৰ্চ: আহোম ৰজা জয়ধ্বজ সিংহৰ পৃষ্ঠপোষকতাত ১৬৫৪ চনত প্ৰতিষ্ঠা লাভ কৰিছিল দক্ষিণপাট সত্ৰই (Dakhinpat Satra in Majuli)। ঐতিহাসিক সত্ৰখনিৰ দশমজনা সত্ৰাধিকাৰ বাসুদেৱ গোস্বামীৰ দিনতে খহনীয়াত পতিতি হোৱাত ১৯০ বছৰৰ পূৰ্বে বৰ্তমানৰ স্থানত সত্ৰখন প্ৰতিষ্ঠা হৈছিল । দক্ষিণপাট সত্ৰৰ নামঘৰত আছে ১০ জোৰ লাইখুঁটা । তুলসী,সৰল কাঠৰ ২০০ বছৰীয়া খুঁটাসমূহৰ তলছোৱা মাটিত পচি গৈছে (Repair of Laikhuta of Dakhinpat Satra)। সেইবাবে সত্ৰাধিকাৰ বৈষ্ণৱসকলে ঐতিহ্য ৰক্ষাৰ স্বাৰ্থত তলৰ অংশত মেৰামতি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে । সম্প্ৰতি এই লাইখুঁটাসমূহৰ মেৰামতিৰ কাম পূৰ্ণ গতিত চলি আছে ।

এই খুঁটাসমূহৰ গুৰিৰ অংশ নষ্ট হোৱাত সত্ৰৰ সত্ৰাধিকাৰ আৰু চৰকাৰৰ আৰ্থিক অনুদানৰে ইয়াৰ মেৰামতিৰ কাম আৰম্ভ কৰিছে । ঐতিহাসিক সত্ৰখনিৰ নামঘৰ সম্পূৰ্ণ কাঠেৰে নিৰ্মিত বাবে পৰ্যটক, দৰ্শনাৰ্থী অধিক আকৰ্ষিত হৈ আহিছে । ঐতিহ্য আৰু পৰম্পৰা ৰক্ষাৰ স্বাৰ্থতেই খুঁটাৰ গুৰি সমূহৰ মেৰামতিৰ কাম কৰি সংৰক্ষণৰ ব্যৱস্থা কৰা বুলি মন্তব্য় কৰিছে সত্ৰখনৰ সত্ৰাধিকাৰৰ লগতে বৈষ্ণৱ সকলে ।

উল্লেখ্য় যে, খহনীয়াৰ পৰা পৰিত্ৰাণ পাবলৈ ব্ৰহ্মপুত্ৰ কাষৰ পৰা বৰ্তমান দক্ষিণপাট অঞ্চলত আজিৰ পৰা ১৯০ বছৰ আগতে প্ৰতিষ্ঠা কৰাৰ সময়ত সত্ৰ নামঘৰত লগোৱা হৈছিল এই লাইখুটা (Erosion of Dakhinpat Satra)। কিংবদন্তি মতে,সত্ৰাধিকাৰগৰাকীয়ে সপোনত ব্ৰহ্মপুত্ৰত উটি অহা তুলসী, সৰল কাঠৰ খুঁটাসমূহ সত্ৰৰ সমীপৰ ঘাটত ৰৈ যোৱা দেখা পাইছিল । তেওঁ খুঁটাসমূহ পূজা পাতল কৰি সত্ৰলৈ আনি নামঘৰৰ নিৰ্মাণত ব্য়ৱহাৰ কৰিছিল ।

উল্লেখ্য় যে, দক্ষিণপাট সত্ৰ অসমৰ চাৰিখন ৰাজ সত্ৰৰ ভিতৰত দ্বিতীয় শাৰীৰ সত্ৰ আখ্য়া দিয়া হয় । শিষ্যৰ সংখ্যা আটাইকেইখন ৰাজসত্ৰৰ ভিতৰত বেছি বুলি স্বীকৃতি লাভ কৰিছে । আহোম ৰজা জয়ধ্বজ সিংহৰ দিনত ১৫৮৪ শকত মাজুলীত স্থাপন কৰা হৈছিল এই সত্ৰখন (King Jaidhwaj Singh)। বিভিন্ন কাৰণত এই সত্ৰখন কেইবাবাৰো স্থানান্তৰ কৰিব লগা হৈছে ।

ইয়াৰ মূল সত্ৰখন মাজুলীত অৱস্থিত । অতি সম্প্ৰতি ইয়াৰ এখন শাখাসত্ৰ যোৰহাট জিলাৰ টীয়কৰ চটাইত স্থাপন কৰা হৈছে ৷ ইয়াতো বৈষ্ণৱসকলে নাম প্ৰসংগৰ লগতে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰি আহিছে । ইয়াৰ প্ৰতিষ্ঠাপক সত্ৰাধিকাৰগৰাকী আছিল শ্ৰী শ্ৰী বনমালীদেৱ । তেওঁৰ পিছত শ্ৰী শ্ৰী ৰামদেৱ গোস্বামী সত্ৰাধিকাৰ হয় ।

লগতে পঢ়ক:Sankalp Satyagraha: ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ বিৰুদ্ধে সোণাৰিত কংগ্ৰেছৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.