ETV Bharat / state

Rana Pogag granted bail: মুকলি আকাশৰ তললৈ প্ৰৱঞ্চক ৰাণা প'গাগ

author img

By

Published : Jul 28, 2022, 12:16 PM IST

কিছুদিন আগলৈ বিতৰ্কৰ শীৰ্ষত থকা জোনমনি ৰাভা আৰু প্ৰৱঞ্চক ৰাণা প'গাগ সম্প্ৰতি মুকলি আকাশৰ তলত । নিলম্বিত এছ আই জোনমনি ৰাভাৰ পাছত এইবাৰ ৰাণা প'গাগৰো জামিন মঞ্জুৰ কৰে আদালতে (Rana Pogag granted bail)। তিনিওটা গোচৰতে জামিন পালে ৰাণা প'গাগে ।

Rana Pogag granted bail
মুকলি আকাশৰ তললৈ প্ৰৱঞ্চক ৰাণা প'গাগ

মাজুলী,২৮ জুলাই : অৱশেষত প্ৰৱঞ্চনাৰ তিনিওটা গোচৰতে জামিন লাভ কৰিলে নিলম্বিত এছ আই জোনমনি ৰাভাৰ ভাবী স্বামী ৰাণা প'গাগে (Rana Poghag granted bail in all three cases)। নগাঁও সদৰ আৰক্ষী থানাত পঞ্জীয়ন হোৱা ৫২৭/২২ নম্বৰৰ গোচৰটোত যোৱা ২৪ জুলাইত জামিন লাভৰ পিছত সেইদিনাই নগাঁৱৰ পৰা মাজুলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৰাণা প'গাগক ২৫ জুলাইত মাজুলী মহকুমা ন্যায়িক দণ্ডাদীশৰ আদালতত হাজিৰ কৰাৰ পিছত আদালতে ৰাণা প'গাগৰ বিৰুদ্ধে গড়মূৰ থানাত ৰুজু হোৱা ২০/২২ নম্বৰৰ প্ৰথমটো গোচৰত জামিন মঞ্জুৰ কৰে (Rana Pogag fraud case)।

ইফালে বৃহস্পতিবাৰে ৰাণাৰ অধিবক্তাই জামিননামা আদালতত দাখিলৰ পিছতেই ৰাণাৰ বিৰুদ্ধে গড়মূৰ থানাত ৰুজু হোৱা ক্ৰমে ২০/২২,২১/২২ US-১২০B/১৭০/৪০৬/৪১৯/৪২০/৪৬৮/৪৭১/৪৭২ IPC আৰু ২২/২২ US ১২০-B/১৭০/৪০৬/৪১৯/৪২০ IPC ধাৰাৰ তিনিটাকৈ গোচৰ একত্ৰিত কৰি মাজুলী মহকুমা ন্যায়িক দণ্ডাদীশৰ আদালতে প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ৰাণা প'গাগৰ জামিন মঞ্জুৰ কৰে । প্ৰৱঞ্চনাৰ তিনিটাকৈ গোচৰত ৰাণা প'গাগক নগাঁৱৰ পৰা জিম্মাত লৈ জেৰাৰ অন্তত যোৱা ২৭ মে'ত মাজুলী মহকুমা ন্যায়িক দণ্ডাদীশৰ আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল প'গাগক । যোৱা ৮ জুলাইত একেই গোচৰতে গ্ৰেপ্তাৰ হোৱা অসম আৰক্ষীৰ নিলম্বিত এছ আই জোনমনি ৰাভাই এমাহ ন্যায়িক জিম্মাৰ অন্তত জামিন লাভ কৰিছিল (Junmoni Rabha granted bail)।

Rana Pogag granted bail: মুকলি আকাশৰ তললৈ প্ৰৱঞ্চক ৰাণা প'গাগ

উল্লেখ্য যে, অ.এন,জি.চিৰ জনসম্পৰ্কৰক্ষী বিষয়া হিচাপে পৰিচয় দি সেইসময়ত মাজুলীৰ গড়মূৰ থানা আৰু বালিচাপৰি আৰক্ষী চকীত কৰ্মৰত অৱস্থাত থকা অসম আৰক্ষীৰ এছ আই জোনমনি ৰাভাৰ সহযোগত কামৰ বিনিময়ত আগধন হিচাপে প্ৰৱঞ্চনাৰে লাখ লাখ টকা সৰকোৱাৰ পিছত প্ৰথমে মাজুলীৰ অজিত বৰা আৰু ৰাম অৱতাৰ শৰ্মা নামৰ দুগৰাকী ব্যৱসায়ীয়ে মূল প্ৰৱঞ্চক ৰাণা প'গাগৰ বিৰুদ্ধে গড়মূৰ আৰক্ষী থানাত দুটাকৈ গোচৰ দিছিল ।

এছ আই জোনমনি ৰাভাৰ বিৰুদ্ধেও বহুকেইটা বিস্ফোৰক অভিযোগ তোলাৰ পিছত যোৱা ১২ মে'ত আন এগৰাকী ব্যৱসায়ী ৰঞ্জন কুটুমেও কামৰ বিনিময়ত এছ আই জোনমনিৰ উপদেশ মতে ৰাণা প'গাগক ২৫ লাখ টকা ক'ৰ্ট এগ্ৰিমেন্ট কৰি দিয়াৰ কথা কৈছিল (FIR against SI Junmoni Rabha)। এতিয়া দুয়োগৰাকী অভিযুক্তৰে জামিন লাভৰ পিছত ভুক্তভোগী তিনিও ব্যৱসায়ীৰ প্ৰতিক্ৰিয়া কি হ'ব পৰৱৰ্তী সময়ত সেইয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক :Daflagarh Rape Case: ডফলাগড় চাহ বাগিছাৰ ধৰ্ষণকাণ্ডৰ অভিযুক্তৰ আত্মসমৰ্পন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.