ETV Bharat / state

মোক মাৰি পেলাওক একেবাৰে; সাংবাদিকক ক’লে ৰাণা পগাগে - SI জোনমণি ৰাভা

‘‘মোক মাৰি পেলাওক একেবাৰে । জাজমেণ্ট দিবলৈ আপোনালোক কোন ?’’ আদালত চৌহদত সাংবাদিকক উদ্দেশ্যি এইদৰে ক’লে ৰাণা পগাগে (Rana Pogag remanded to police custody for two more days) ৷ ৰঞ্জন কুটুমৰ গোচৰৰ বাবে পুনৰ দুদিনৰ বাবে মাজুলী আৰক্ষীয়ে আদালতৰ পৰা নিজৰ জিম্মাত লয় প্ৰৱঞ্চক ৰাণা পগাগক ।

Rana Pogag remanded to police custody for two more days

author img

By

Published : May 23, 2022, 9:43 PM IST

মাজুলী, 23 মে’: পুনৰ দুদিনৰ বাবে মাজুলী আৰক্ষীয়ে আদালতৰ পৰা নিজৰ জিম্মাত লয় প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ৰাণা পগাগক (Rana Pogag on police custody again) ৷ স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিয়া সময়ত সাংবাদিকৰ প্ৰশ্ন উত্তৰত ৰাণা পগাগে কয় যে, ‘‘মোক মাৰি পেলাওক একেবাৰে । জাজমেণ্ট দিবলৈ আপোনালোক কোন ?’’ ৰঞ্জন কুটুমৰ গোচৰৰ বাবে পুনৰ দুদিনৰ বাবে মাজুলী আৰক্ষীয়ে আদালতৰ পৰা নিজৰ জিম্মাত লয় প্ৰৱঞ্চক ৰাণা পগাগক ।

ৰাণা পগাগে লোৱা ভাড়া ঘৰৰ সকলো নথি-পত্ৰৰ লগতে ৰাণা আৰু আৰক্ষী বিষয়া জোনমণি ৰাভাই ব্যৱহাৰৰ কৰা কম্পিউটাৰো জব্দ কৰিছে মাজুলী আৰক্ষীয়ে (Police seized computer of Rana Pogag)। ৰাণা পগাগৰ তিনিটাকৈ বেংক একাউণ্ট ইতিমধ্যে আৰক্ষীয়ে বাজেয়াপ্ত কৰিছে । যদিও এই গোটেই বিষয়টোত SI জোনমণি ৰাভাৰ নাম ওলাই আছে তথাপিও বৰ্তমান সময়লৈকে জোনমণি ৰাভাৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই মাজুলী আৰক্ষীয়ে (SI Joonmoni Rabha controversy)।

Rana Pogag remanded to police custody for two more days
প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ৰাণা পগাগ

উল্লেখ্য যে, প্ৰৱঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ৰাণা পগাগ (Rana Pogag arrested in cheating case)। আৰক্ষী বিষয়া জোনমণি ৰাভাইও প্ৰাক্তন প্ৰেমিক ৰাণাৰ বিৰুদ্ধে অভিযোগ আনিছে । অৱশ্যে পৰৱৰ্তী সময়ত এই প্ৰৱঞ্চনাত জোনমণি ৰাভাৰ নামো সাঙোৰ খাই পৰে । আনহাতে ৰাণা পগাগৰ বিৰুদ্ধে মাজুলীত ৰুজু হোৱা গোচৰৰ পাছতে নগাঁৱৰ বিশেষ কাৰাগাৰৰ পৰা আদালতৰ অনুমতি লৈ মাজুলীলৈ অনা হয় প্ৰৱঞ্চক ৰাণা পগাগক ।
লগতে পঢ়ক : ৰাণা পগাগক জেৰা চলায় কি কি তথ্য পালে গড়মূৰ আৰক্ষীয়ে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.