ETV Bharat / state

মাজুলীৰ গড়মূৰ আৰক্ষী থানাত প্ৰৱঞ্চক ৰাণা পগাগক মাৰাথান জেৰা

author img

By

Published : May 18, 2022, 4:05 PM IST

অৱশেষত মাজুলীৰ আৰক্ষীয়ে জেৰা কৰিলে প্ৰৱঞ্চক ৰাণা পগাগক(Rana Pogag interrogated at Garmur police station) ৷ মঙলবাৰে মাজুলী আৰক্ষীয়ে নগাঁও আৰক্ষীৰ পৰা জিম্মাত লৈছিল ৰাণা পগাগক । নিজকে ONGC বিষয়া হিচাপে চিনাকি দি ৰাণা পগাগে মাজুলীৰ কেইবাজনো ব্যৱসায়ীৰ পৰা কাম দিয়াৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ ৷

Cheater Rana Pagapat interrogation at Garmur police station in Majuli
মাজুলীৰ গড়মূৰ আৰক্ষী থানাত প্ৰৱঞ্চক ৰাণা পগাগক মাৰাথান জেৰা

মাজুলী, 18 মে’ : নগাঁৱৰ বিশেষ কাৰাগাৰৰ পৰা আদালতৰ অনুমতি লৈ মাজুলীলৈ অনা প্ৰৱঞ্চক ৰাণা পগাগ সম্প্ৰতি মাজুলীৰ গড়মূৰ আৰক্ষীৰ জিম্মাত । প্ৰৱঞ্চনাৰ অভিযোগত অভিযুক্ত ৰাণা পগাগক বুধবাৰে পুৱাৰে পৰা জেৰা চলাইছে মাজুলী আৰক্ষীৰ উচ্চ পদস্থ বিষয়াসকলে (Rana Pogag interrogated at Garmur police station) ।

মঙলবাৰে নিশা নগাঁও আৰক্ষীৰ পৰা মাজুলী আৰক্ষীয়ে জিম্মাত লৈছিল ৰাণা পগাগক । নিজকে ONGC বিষয়া হিচাপে চিনাকি দি ৰাণা পগাগে কাম দিয়াৰ নামত মাজুলীৰ কেইবাজনো ব্যৱসায়ীৰ পৰা লাখ লাখ টকা লোৱাৰ অভিযোগ । এই সন্দৰ্ভত মাজুলীৰ গড়মূৰ আৰু কমলাবাৰী থানাত ৰাণা পগাগৰ বিৰুদ্ধে ৰুজু হৈছে কেইবাটাও গোচৰ ।

মাজুলী জিলাৰ আৰক্ষী অধীক্ষক গৌতম বৰা

এই ধন আত্মসাৎৰ ঘটনাত নাম সাঙুৰ খাইছিল এছ আই জোনমণি ৰাভাৰো(SI Joonmoni Rabha controversy) । ভুক্তভোগীয়ে দিয়া এজাহাৰত এচ আই জোনমণি ৰাভাৰ নামো সংযোজিত হোৱাত(Allegations against Joonmoni Rabha) সমগ্ৰ বিষয়টোক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে । এনে পৰিস্থিতিত এছ আই জোনমণি ৰাভা আৰু ৰাণা পগাগৰ ওপৰত উঠা অভিযোগৰ গোচৰৰ অনুসন্ধানে কি গতি লয় সেইয়া হ’ব লক্ষ্যনীয় ।

ইতিমধ্যে প্ৰৱঞ্চক ৰাণা পগাগৰ তিনিটা বেংক একাউণ্ট জব্দ কৰা বুলি বুলি জানিব পৰা গৈছে । ৰাণা পগাগৰ আৰু কোনো বেংক একাউন্ট আছে নেকি, তাৰ ওপৰতো তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ ইয়াৰ উপৰিও ৰাণা পগাগৰ ওপৰত থকা অভিযোগ সম্পৰ্কে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই মাজুলী জিলাৰ আৰক্ষী অধীক্ষক গৌতম বৰাই(SP of Majuli Gautam Borah) ।

লগতে পঢ়ক : মাজুলী আৰক্ষীয়ে জিম্মাত ল’লে ৰানা পগাগক : বিপদত পৰিব নেকি এছ আই জোনমণি ৰাভা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.