ETV Bharat / state

প্ৰাণৱন্ত মাজুলী : আৰম্ভ হ’ল মাজুলীৰ ৰাসৰ নাট মেলাপৰ্ব - নাট মেলা পৰ্ব

আজি লক্ষ্মী পূৰ্ণিমা (Lakshmi Puja 2022) ৷ অৰ্থাৎ আহিন মাহৰ পূৰ্ণিমা তিথি ৷ লক্ষ্মী পূজাৰ এই পৱিত্ৰ ক্ষণতে পৰম্পৰাগতভাৱে মাজুলীৰ সমূহ সত্ৰৰ লগতে অৰ্ধশতাধিক মঞ্চত মুকলি কৰা হ’ল ৰাস মহোৎসৱৰ নাট (Raas Mahotsav and Rass Melaparva begins in Majuli) ৷ ব্যস্ত মাজুলীয়াল ৷

Raas Mahotsav and Rass Melaparva begins in Majuli
আৰম্ভ হ’ল মাজুলীৰ ৰাসৰ নাট মেলাপৰ্ব
author img

By

Published : Oct 9, 2022, 9:04 PM IST

মাজুলী, 9 অক্টোবৰ : মাজুলীৰ বাবে শৰৎ বুলিলেই মনলৈ আহে ৰাস আৰু পাল নাম । তাতে আজি লক্ষ্মী পূজা (Lakshmi Puja 2022) তথা আহিন মাহৰ পূৰ্ণিমা তিথি । মাজুলীৰ সমূহ সত্ৰৰ লগতে অৰ্ধশতাধিক মঞ্চত লক্ষ্মী পূজাৰ এই পৱিত্ৰ ক্ষণতে পৰম্পৰাগতভাৱে মুকলি কৰা হ’ল ৰাস মহোৎসৱৰ নাট (Raas Mahotsav and Rass Melaparva begins in Majuli)৷

পৰৱৰ্তী ৰাস-পূৰ্ণিমা তিথিত অনুষ্ঠিত হ’ব লগা শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আখৰা তথা ‘‘নাট মেলা পৰ্ব’’ মাংগলিক বিধি অনুসৰি অনুষ্ঠিত কৰা হয় এই লক্ষ্মী পূৰ্ণিমাত । শাৰদীয় মুখ্য উৎসৱ হিচাপে শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা উদযাপন কৰে মাজুলীত । আজিৰ পৰা অনাগত এমাহৰ বাবে সমগ্ৰ মাজুলী পৰ্যবসিত হ’ব লুইতৰ পাৰৰ বৃন্দাবনলৈ ।

গীতে-মাতে, খোলে-তালে চলি থাকিব কৃষ্ণৰ লীলা মহাৰাসৰ আখৰা ।

আৰম্ভ হ’ল মাজুলীৰ ৰাসৰ নাট মেলাপৰ্ব

লগতে পঢ়ক : কাৰ্বি পাহাৰৰ কৃষকৰ বন্ধু ক্লং ক্লং আপুনি চিনি পাই নে ?

শিশুৰ পৰা যুৱক-যুৱতীলৈ সকলো ব্যস্ত হৈ পৰিব আখৰা কৰা ৷ মাজুলীত অনুষ্ঠিত হ’ল ৰাসলীলাৰ নাটমেলা পৰ্ব ৷ শৰতৰ চন্দ্ৰাৱলী ৰাতি হৈ পৰিব অতি বিতোপন । বাঁহীৰ মাত শুনি ঘৰৰ কাম-বন একাষৰীয়া কৰি সকলো ঢপলিয়াই আহিব ৰাসৰ আখৰালৈ । দুপৰ নিশালৈকে চলিব আখৰা ।

আজিৰ পৰা এশবছৰ পূৰ্বে স্বাধীনতা সংগ্ৰামী সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে মুকলি মঞ্চ নিৰ্মাণ কৰি মহিলাই অভিনয় কৰিব পৰা ব্যৱস্থা কৰিছিল ৷ সেই আৰ্দশ আগত ৰাখি অৰ্ধশতাধিক মঞ্চ ৰাস উদযাপান কৰে মাজুলীত । ৰাসৰ বাবে ব্যস্ততা বাঢ়িব ৰাসৰ লগত জড়িত প্ৰতিগৰাকী শিল্পীৰ পৰা মুখা শিল্পীলৈ, আয়োজকৰ পৰা ৰাসমেলাৰ খুচুৰা ব্যৱসায়ীলৈ ৷

26 শতাধিক শিল্পী কলা-কুশলীৰ লগতে পৰোক্ষ-প্ৰত্যক্ষভাৱে মাজুলীৰ ৰাইজ ব্যস্ত হ’ব ৰাসত । ঐতিহাসিক আউনীআটী, দক্ষিণপাট, চামগুৰি সত্ৰই ৰাস পূজা কৰাৰ লগতে উত্তৰ কমলাবাৰী সত্ৰই শংকৰদেৱৰ অমৰ সৃষ্টি কেলি গোপালৰ আধাৰত ৰাস উদযাপন কৰিব । আনন্দ উৎসৱেৰে লোকাৰণ্য হৈ পৰিব মাজুলী ৷

শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আখৰা তথা নাট মেলা পৰ্ব আৰু লক্ষ্মী পূজাৰ এই দিনটো মাজুলীৰ বাবে এটা বিশেষ দিন হিচাপে পৰিগণিত হৈ আহিছে ৷

লগতে পঢ়ক : ভাদৰ আচলত ধৰি কঁহুৱাৰ সৈতে আকৌ আহিছে আহিন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.