মাজুলী, ২০ মাৰ্চ: জলসম্পদ বিভাগৰ খনন প্ৰকল্প বন্ধৰ দাবীত উত্তাল মাজুলী সীমান্তৱৰ্তী লখিমপুৰ ন-আলি ঘাগৰমুখ (Protest at Lakhimpur NaAli Ghagarmukh)। প্ৰতিকূল বতৰৰ মাজতে খনন প্ৰকল্প বন্ধৰ দাবীত মাজুলী সীমান্তৱৰ্তী লখিমপুৰ ন-আলি-ঘাগৰমুখ বালিত সোমবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে স্থানীয় ৰাইজৰ লগতে কেইবাটাও দল-সংগঠনে । পাঁচ শতাধিক লোকে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।
উল্লেখ্য় যে, লখিমপুৰ জিলাৰ তেলাহী মৌজাৰ অন্তৰ্গত ন-আলি তেলীয়া পথাৰ অঞ্চলত দেখা দিয়া সোৱণশিৰি নৈৰ বিধ্বংসী খহনীয়া প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে শেহতীয়াকৈ লখিমপুৰ জিলা জলসম্পদ বিভাগে আৰম্ভ কৰিছে অত্যাধুনিক জিঅ'বেগ সুৰক্ষা মূলক আঁচনিৰ লগতে চেনেল কাটিঙৰ প্ৰকল্প (Erosion of Subansiri river)।
ইয়াৰ মাজতেই চেনেল কাটিং প্ৰকল্পৰ বন্ধ কৰাৰ দাবীত সোমবাৰে প্ৰতিবাদ মুখৰ হৈ পৰে প্ৰকল্পথলী (Geo bag Protective Scheme in Telahi)। টিএমপিকে, এমএমকেৰ ৰাদং, অৱনৰি আঞ্চলিক সমিতিৰ লগতে অঞ্চলটোৰ গঞা ৰাইজ ওলাই আহি প্ৰতিবাদ জনায় (TMPK protest against Channel Cutting Project) ।
প্ৰতিবাদকাৰীসকলে লখিমপুৰৰ বিধায়ক মানৱ ডেকা মূৰ্দাবাদ, প্ৰদান বৰুৱা হায় হায়, লখিমপুৰ জিলা উপায়ুক্ত হায় হায়, আমাৰ সুৰক্ষা নিশ্চিত কৰক, আমাক জীয়াই থকাৰ অধিকাৰ দিয়ক, আমাক ধ্বংস কৰিব পৰা বিধ্বংসী প্ৰকল্প নালাগে, চেনেল কাটিং বন্ধ কৰক, বুলড'জাৰ উভতাই লৈ যাওক আদি বিভিন্ন শ্ল'গানেৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে ।
২০২২-২৩ বিত্তীয় বৰ্ষত নাবাৰ্ডৰ পোন্ধৰ কোটি টকীয়া পুঁজিৰে জলসম্পদ বিভাগে সোৱণশিৰি নৈৰ উত্তৰ অংশৰ খহনীয়া প্ৰতিৰোধৰ চিন্তা কৰিছে যদিও ন-আলি ঘাগৰমুখ বালি গাঁৱকে ধৰি মৰলীয়া, চানং,মৰ্টন চাপৰি আদি বিভিন্ন গাঁৱলৈ আহিব পৰা ভয়ংকৰ সংকটৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলবাসীয়ে আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Protest against Channel Cutting Project) ।
উল্লেখ্য় যে, এই বিতৰ্কিত প্ৰকল্পৰ কাম আৰম্ভ হোৱাৰ পিচৰে পৰা ইয়াৰ বিৰুদ্ধে প্ৰৱল জনমত গঠন হৈছে । ইপিনে, আইন শৃংখলাজনিত কাৰণত এতিয়া লখিমপুৰ জলসম্পদ বিভাগে জিলা আৰক্ষী প্ৰশাসন তথা চি আৰ পি এফ জোৱানৰ সহায়তহে চেনেল কাটিঙৰ কাম কৰিছে । ইয়াৰ পাচতে প্ৰতিবাদস্থলীত ঢকুৱাখনা নিৰ্বাচনী বিষয়া কুলভোজন পেগু উপস্থিত হৈ ৰাইজক বুজাবলৈ চেষ্টা কৰে ।
তেওঁ প্ৰতিবাদকাৰীসকলক কয় যে, তেওঁলোকৰ সুৰক্ষাৰ বাবে কাম কৰিহে এই চেনেল কাটিঙৰ কাম কৰা হৈছে । এই চেনেল কাটিং কৰিলেও যাতে অঞ্চলটোৰ ৰাইজৰ কোনো অপকাৰ নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ কয় ।