মাজুলী, 17 ফেব্ৰুৱাৰী: বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব মাজুলীবাসীৰ বহু প্ৰত্যাশিত মাজুলী-যোৰহাট সংযোগী দলঙৰ ভূমি পূজন অনুষ্ঠান ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্চুৱেলী শুভাৰম্ভ কৰিব মাজুলী আৰু যোৰহাট সংযোগী দলং নিৰ্মাণৰ আধাৰশিলা ৷
এই উপলক্ষে বুধবাৰে মাজুলীৰ প্ৰতিঘৰ মানুহৰ পদূলিয়ে পদূলিয়ে সকলোৱে এগছকৈ বন্তি প্ৰজ্বলন কৰা পৰিলক্ষিত হয় ৷ বহু প্ৰত্যশিত দলং খনৰ সপোন অৱশেষত পূৰণ হ'বলৈ গৈ থকা বুলি জানি এতিয়া উৎফুল্লিত হৈ পৰিছে মাজুলীবাসী ৰাইজ ৷ দলং নিৰ্মাণক লৈ আনন্দত আত্মহাৰা হৈ পৰা ৰাইজৰ মতে বৃহস্পতিবাৰৰ পৰাই মাজুলীবাসীৰ যাতায়তৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা হ'ব ৷
উল্লেখ্য যে, যোৰহাট সংযোগী দলং খনৰ ভূমি পূজনৰ প্ৰাক ক্ষণত প্ৰতিঘৰ মাজুলীবাসীৰ লগতে মাজুলীৰ প্ৰতিখন সত্ৰ, প্ৰতিতো নামঘৰ, প্ৰতিখন গাঁৱৰ পদুলিয়ে পদূলিয়ে এগছকৈ মাটিৰ চাকি জ্বলি উঠা দেখিবলৈ পোৱা গ'ল ৷
লগতে পঢ়ক: কাইলৈ প্ৰধানমন্ত্ৰীয়ে স্থাপন কৰিব ধুবুৰী-ফুলবাৰী দলঙৰ আধাৰশিলা