ETV Bharat / state

Ostracized from society: ৰাইজে আঁকোৱালি ল’লে নামঘৰীয়া চন্দ্ৰ ৰাজখোৱাৰ পৰিয়ালটোক

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 10:07 AM IST

মলুৱাল কলিতা গাঁও হৰি মন্দিৰ প্ৰাংগনত টাই আহোম যুৱ পৰিষদ, মালুৱাল কলিতা গাঁৱৰ ৰাইজ আৰু চন্দ্ৰ ৰাজখোৱাৰ পৰিয়ালৰ সৈতে আলোচনা ৷ আলোচনাৰ অন্তত আহোম ছোৱালী বিয়া পতাৰ বাবে নহয়, ভুল বুজাবুজিৰ বাবেহে সমাজৰ পৰা পৰিয়ালটো আঁতৰি আছিল বুলি উল্লেখ কৰে গাঁওবাসীয়ে ৷

A family from Majuli ostracized from society
মাজুলীৰ ৰাইজে আঁকোৱালি ল’লে নামঘৰীয়া চন্দ্ৰ ৰাজখোৱাৰ পৰিয়ালটোক

মাজুলী, 4 ছেপ্টেম্বৰ : কিছুদিন পূৰ্বে নামনি মাজুলীৰ মলুৱাল কলিতা গাঁৱৰ এটা বাতৰিয়ে দখল কৰিছিল সংবাদ শিৰোনাম ৷ অভিযোগ অনুসৰি, দীৰ্ঘ সময় ধৰি সমাজৰ পৰা বঞ্চিত হৈ আছিল মলুৱাল কলিতা গাঁৱৰ চন্দ্ৰ ৰাজখোৱাৰ পৰিয়ালটো ৷ কিয়নো চন্দ্ৰ ৰাজখোৱাৰ পুত্ৰ সদ্য প্ৰয়াত গজেন ৰাজখোৱাৰ পৰিয়ালটি আবিয়ই হোৱাৰ লগতে চন্দ্ৰ ৰাজখোৱাৰ সৰু পুত্ৰই বিয়া পাতিছিল আহোম ছোৱালী ৷ সেয়ে সদ্য প্ৰয়াত গজেন ৰাজখোৱাৰ দহা কর্ম খাবলৈ অহা নাছিল গাঁৱৰ লোক ৷

সামাজিক মাধ্যমৰ লগতে বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছিল এই বাতৰি । তাৰ পাচতে বিভিন্ন সংগঠনৰ লগতে সমাজ সচেতন লোকেও কৰিছিল কটু সমালোচনা ৷ এই বাতৰি পোহৰলৈ অহাৰ পাচত শনিবাৰে মলুৱাল কলিতা গাঁও হৰি মন্দিৰৰ প্ৰাংগণত টাই আহোম যুৱ পৰিষদ, মালুৱাল কলিতা গাঁৱৰ ৰাইজ আৰু চন্দ্ৰ ৰাজখোৱাৰ পৰিয়ালৰ সৈতে এক আলোচনাত মিলিত হয় ৷

এই আলোচনাৰ অন্তত স্থানীয় ৰাইজে নামঘৰীয়া চন্দ্ৰ ৰাজখোৱাৰ পৰিয়ালে মিছা অভিযোগ উত্থাপন কৰা বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷ আনকি সামাজিক নিয়ম পালি ৰাইজৰ সংগ ল’বলৈ ৰাইজে বাৰম্বাৰ ৰাজখোৱাৰ পৰিয়ালটোক জনোৱাৰ পিচতো পৰিয়ালটোৰ কোনো সদস্যই আগবাঢ়ি নহা বুলিও অভিযোগ তৰে গাঁওবাসীয়ে ।

উল্লেখ্য যে, দহ দিন পূৰ্বে গাঁওখনৰ নামঘৰীয়া চন্দ্ৰ ৰাজখোৱাৰ জ্যেষ্ঠ পুত্ৰ গজেন ৰাজখোৱাৰ মৃত্যু হৈছিল । বৃহস্পতিবাৰে আছিল দহা । ৰাইজৰ মতে, গাঁৱৰ ৰাইজেই মৃতকৰ সৎকাৰৰ সকলো কাম কৰিছে । পৰিয়ালটোক মাত লগাইছে ৷ অথচ ইয়াৰ বিপৰীতে পৰিয়ালটোৱে সংবাদ মাধ্যমৰ আগত মিছা মাতিছে ।

ইফালে নিজৰ জ্যেষ্ঠ পুত্ৰক হেৰুৱাৰ শোকত উপায়হীন বৃদ্ধ পিতৃ আৰু ৰোগীয়া মাতৃয়ে চকুপানী টুকি সংবাদ মাধ্যমৰ আগত ৰাইজে এঘৰীয়া কৰাৰ কথা ব্যক্ত কৰিছিল । পুনৰ নামঘৰত ৰাইজ গোট খাই বিষয়টোৰ মীমাংসা কৰি চন্দ্ৰ ৰাজখোৱাৰ পৰিয়ালক আঁকোৱালি লয় আৰু চন্দ্ৰ ৰাজখোৱাৰ পৰিয়ালেও সেৱা লৈ সমাজৰ অংশীদাৰ হয় ।

লগতে অসমৰ ভিন্ন জিলা পৰা অহা টাই আহোম যুৱ পৰিষদৰ প্ৰতিনিধিৰ সন্মুখত সদ্য প্ৰয়াত গজেন ৰাজখোৱাৰ আদ্যশ্ৰাদ্ধৰ বাকী থকা সকলো কৰ্মত ৰাইজে সহযোগিতা কৰিব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

লগতে পঢ়ক : A family from Majuli ostracized from society:জাত-পাত আৰু সামাজিক নিয়ম যেতিয়া কাৰোবাৰ বাবে দুৰ্বিসহ হৈ পৰে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.