মাজুলী, 18 মেঃ মাজুলীৰ মৰিশালীৰ কাষতে বহি পত্নীৰ হিয়া ঢাকুৰী কান্দিছে স্বামীৰ কথা সোঁৱৰি ৷ ইতিমধ্যে বৈকুণ্ঠগামী হয় স্বামীৰ ৷ স্বামীক জীয়াই থকা অৱস্থাত নোপোৱাৰ বেদনাত দহিছে পত্নীৰ লগতে পুত্ৰক ৷
সমগ্ৰ বিশ্বতে এতিয়া কোভিড-১৯ৰ আতংক । তেনে সময়তেই মাজুলীৰ মোৱামাৰি চাপৰি গাঁৱৰ এটা পৰিয়ালত ঘটিল এক অনুৰূপ ঘটনা । পৰিয়ালটো মূল ব্যক্তি গৰাকীৰ যোৱা জানুৱাৰী মাহৰ পৰা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ গুৱাহাটী বি বৰুৱা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ৷ চিকিৎসাধীন লোক জনৰ নাম হৈছে চন্দেশ্বৰ পেগু ৷ লোক জনক গুৱাহাটীৰ পৰা শনিবাৰে ঘৰলৈ ওভতাই অনা অৱস্থাতে আদবাটতে যোৱাকালি লক্ষিমপুৰত লোক জনৰ মৃত্যু হয় ৷ আনহাতে, দেওবাৰে বিয়লি মৃতদেহ নিজ ঘৰ আহি পোৱাৰ পিছত হুৱাদুৱা লাগে পৰিয়ালৰ ৷ কিন্তু গাঁৱৰ কোনো লোক মৃতদেহ সৎকাৰৰ বাবে ওলাই নহাত অৱশেষত ভনিয়েক আৰু ভায়েকেই মৃতদেহটো সৎকাৰ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হয় ৷ কোভিড -১৯ ৰ বাবে ভয়ত হয়তু গাঁওবাসীয়ে এনে পন্থা অৱলম্বন কৰে ৷ তাৰোপৰি, লোক জনক নিজ পুত্ৰ ,পত্নীয়ে শেষ বাৰৰ বাবে চাবলৈ নোপোৱা শোকতেই ভাগি পৰিছে ৷ যাৰ বাবে হিয়া ঢাকুৰি কান্দিছে শৱদাহ কৰা স্থানতেই পত্নীয়ে ৷ এই হৃদয় বিদাৰৰক দৃশ্যই এতিয়া ম্লান কৰি পেলাইছে সকলোকে ৷ চকুৰ পানীৰে বাট নেদেখা অৱস্থা হৈছে এই দুৰ্ভগীয়া পৰিয়ালটোৰ মাজত ৷ ইতিমধ্যে লোক জনৰ চিকিৎসাৰ নামত মাটি-বাৰী সকলো বিক্ৰী কৰিয়ো আৰোগ্য কৰিব নোৱাৰাত পত্নী গৰাকীৰ অৱস্থা এতিয়া দুখে কুলাই-পাচিয়ে নধৰা অৱস্থাৰ সৃষ্টি হৈছে ৷
লগতে পঢ়ক-