ETV Bharat / state

উপ নিৰ্বাচনত মাজুলীত ভাল ফল দেখুৱাব কংগ্ৰেছে : NSUI

author img

By

Published : Aug 12, 2021, 3:25 PM IST

ৰাজ্যৰ বিধানসভা নিৰ্বাচন (Assam Assembly Election)ৰ পাচতে এতিয়া আকৌ 7 টা সমষ্টিত উপ-নিৰ্বাচন (By Election) অনুষ্ঠিত হোৱাৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ সৃষ্টি হৈছে । অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নিদেশ মৰ্মে মাজুলীত উপস্থিত হয় NSUI ৰ ৰাজ্যিক সভাপতি কৃশানু বৰুৱা । NSUI ৰ সভাপতি গৰাকীয়ে বৃহস্পতিবাৰে এখন সংবাদ মেলৰ সম্বোধন কৰে ।

মাজুলীত সংবাদ মেল
মাজুলীত সংবাদ মেল

মাজুলী, 12 আগষ্ট : মাজুলীত বলিছে উপ নিৰ্বাচনৰ গৰম বতাহ । অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নিদেশ মৰ্মে বুধবাৰে মাজুলীত উপস্থিত হয় NSUI ৰ ৰাজ্যিক সভাপতি কৃশানু বৰুৱা । NSUI ৰ সভাপতি গৰাকীয়ে বৃহস্পতিবাৰে মাজুলী জিলাৰ গড়মূৰৰ ৰাজীৱ ভৱনত উপ নিৰ্বাচন সন্দৰ্ভত এখন সংবাদ মেলৰ সম্বোধন কৰে ।

সংবাদমেলত NSUI ৰ সভাপতি গৰাকীয়ে কয় যে এইবাৰ মাজুলীৰ পৰা কংগ্ৰেছৰ প্ৰক্ষেপিত প্ৰাৰ্থী গৰাকীক বিপুল সংখ্যক ভোটৰ ব্যৱধানত জয়ী কৰাব । এইবাৰ মাজুলীৰ পৰা কংগ্ৰেছ দলে কাক টিকট প্ৰদান কৰিব বুলি সংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে এই সম্পৰ্কে দলৰ হাই কামাণ্ডে ঠিক কৰিব ।

NSUI ৰ বহু কৰ্মীয়ে বিজেপি বা আন দলত যোগদান কৰিছে বুলি যি কথা ওলাই আছে সেইয়া সম্পূৰ্ণ মিছা বুলি কয় সভাপতি গৰাকীয়ে ৷ বৰঞ্চ সকলো সদস্য একলগ হৈ দলৰ হৈ কাম কৰি আছে বুলিহে তেওঁ কয় ।

চলিত বৰ্ষৰ মাৰ্চ-এপ্ৰিল মাহত অনুষ্ঠিত হোৱা ৰাজ্যৰ বিধানসভা নিৰ্বাচন (Assam Assembly Election)ৰ পাচতে এতিয়া আকৌ 7 টা সমষ্টিত উপ-নিৰ্বাচন (By Election) অনুষ্ঠিত হোৱাৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ সৃষ্টি হৈছে । শীঘ্ৰেই অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচনৰ বাবে ইতিমধ্যে সাজু হৈছে নিৰ্বাচন আয়োগ (Election Commissioner) । নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টি কেইটা হৈছে- গোসাঁইগাঁও, তামুলপুৰ, মাজুলী, মৰিয়নী, থাওৰা আৰু ওদালগুৰি সমষ্টি ।

আনহাতে, মাজুলী সমষ্টিৰ পৰা নিৰ্বাচিত বিধায়ক সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal)য়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাৰ পৰিৱৰ্তে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব লোৱাত সমষ্টিটোত উপ-নিৰ্বাচন হোৱাতো নিশ্চিত । অৱশ্যে তাৰ পূৰ্বে ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাচতহে মাজুলীৰ উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক:উপ-নিৰ্বাচন : ৰাজনীতিকৰ ক্ষমতাৰ লালসাই অপচয় কৰিব ৰাইজৰ ধন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.