ETV Bharat / state

Deputy Speaker of the Assembly Nomal Momin :গৌৰৱ গগৈক বিজেপিত যোগদান কৰিবলৈ আহ্বান নোমল মমিনৰ

author img

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 4:08 PM IST

মাজুলীত বিজেপিৰ বুথে বুথে কাৰ্যসূচী । এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন ।

Deputy Speaker of the Assembly Dr Nomal Momin
বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন

বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন

মাজুলী, ৮ নৱেম্বৰ: মাজুলীত বুধবাৰে উপস্থিত হয় বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন । মাজুলীত বিজেপিৰ বুথে বুথে কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে । এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিধানসভাৰ উপাধ্যক্ষগৰাকীয়ে চৰকাৰে আগবঢ়োৱা আঁচনিৰ পৰা সাধাৰণ ৰাইজৰ উপকৃত হোৱা বুলি মন্তব্য় কৰে । তেওঁ সাংসদ গৌৰৱ গগৈৰ লগতে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে ।

বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে কয় যে চৰকাৰে যিবোৰ আঁচনি সাধাৰণ ৰাইজৰ বাবে আগবঢ়াইছে সেইবোৰ পাবৰ বাবে সাধাৰণ ৰাইজ সক্ষম হৈছে । এই চৰকাৰৰ দিনত ৰাস্তা-ঘাট, অৰুণোদই আঁচনি, চৰকাৰী গৃহ ৰাইজে লাভ কৰিছে বুলিও তেওঁ মন্তব্য় কৰে । ইয়াৰ মাজতেই বিধানসভাৰ উপাধ্যক্ষগৰাকী কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে । কংগ্ৰেছৰ চাঙে চাঙে কাৰ্যসূচীক সমালোচনা কৰি তেওঁ কয় যে কংগ্ৰেছৰ চাঙে চাঙে কাৰ্যসূচীয়ে কংগ্ৰেছ দলক একো উপকৃত নকৰে । কিয়নো কংগ্ৰেছৰ বিষয়ে আজিৰ তাৰিখত ৰাইজৰ বুজিবলৈ একো নাই । কংগ্ৰেছ চাঙে চাঙে আৰু বিজেপি চৰকাৰ দলঙে দলঙে বুলি মন্তব্য় কৰি কয় যে কংগ্ৰেছে চাঙৰ পৰা গৈ কাৰ্বি আংলং সুৰংগত সোমাব আৰু তাৰ পাছত কবৰস্থানত শুই পৰিব । বিজেপি চৰকাৰ দলঙে দলঙে বুলি উল্লেখ কৰি তেওঁ কয়," আমি নতুন কৈ বনাই থকা দলঙৰ ওপৰেৰে আহিম ৰাইজৰ উন্নয়ন কৰিম ।"

আনহাতে,সাংসদ গৌৰৱ গগৈৰ প্ৰসংগত তেওঁ কয় গৌৰৱ গগৈক ব্যক্তিগতভাৱে ভাল পায় বুলি মন্তব্য় কৰি কয়,"গৌৰৱ গগৈ এজন শিক্ষিত ব্যক্তি, কিন্তু তেওঁ যিটো দলত আছে সেইটো দলে অসমখনক চীনৰ লগত এৰি দিছিল ।" গৌৰৱ গগৈক তেওঁ ভাল ব্যক্তি উল্লেখ কৰি কয়,"গৌৰৱ গগৈয়ে যি টি দলত নাথাকি বিজেপি দলত যোগদান কৰক । তেওঁ সেইটো দলত থকাটো ভাল হোৱা নাই ।"

লগতে পঢ়ক:Accident in Bogibeel Bridge: মেজিক আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত এজন, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কেবাজনো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.