ETV Bharat / state

আনৰ বাবে প্ৰেৰণাৰ উৎস হোৱা মাজুলীৰ এদল যুৱক

author img

By

Published : Dec 26, 2020, 9:50 PM IST

ক'ভিড মহামাৰীয়ে সৃষ্টি কৰা অভাৱনীয় পৰিস্থিতিৰ সময়তে বহিঃৰাজ্যৰ ভিন্ন প্ৰান্তত ভিন্ন কৰ্মত নিয়োগ হৈ থকা লোক কেইগৰাকীয়ে স্ব-ভূমিলৈ ঘূৰি আহি এক ব্যতিক্ৰমী প্ৰয়াসেৰে সুচল কৰে কৰ্ম সংস্থাপন তথা উপাৰ্জনৰ বাট ৷

আনৰ বাবে প্ৰেৰণাৰ উৎস হোৱা মাজুলীৰ এদল যুৱক
আনৰ বাবে প্ৰেৰণাৰ উৎস হোৱা মাজুলীৰ এদল যুৱক

মাজুলী, 26 ডিচেম্বৰ: কোনো সমস্যাই কেতিয়াও হেঙাৰ হ'ব নোৱাৰে যদিহে মনত থাকে কৰ্ম কৰাৰ দুৰ্বাৰ হেঁপাহ ৷ যাক প্ৰমাণ কৰি দেখুৱালে উজনি মাজুলীৰ চটাইপুৰ আৰু শুকানসুঁতিৰ 50 গৰাকীকৈ নিবনুৱা যুৱকে ৷ ক'ভিড মহামাৰীয়ে সৃষ্টি কৰা অভাৱনীয় পৰিস্থিতিৰ সময়তে বহিঃৰাজ্যৰ ভিন্ন প্ৰান্তত ভিন্ন কৰ্মত নিয়োগ হৈ থকা লোক কেইগৰাকীয়ে স্ব-ভূমিলৈ ঘূৰি আহি এক ব্যতিক্ৰমী প্ৰয়াসেৰে সুচল কৰে কৰ্ম সংস্থাপন তথা উপাৰ্জনৰ বাট ৷

বহিঃৰাজ্যৰ পৰা ঘূৰি অহা প্ৰায় কুৰিজন যুৱকে গাঁও দুখনৰ ৰাইজৰ সৈতে আলোচনা কৰি ব্ৰহ্মপুত্ৰৰ ছন পৰা চাপৰিত কৃষি কৰ্মত জড়িত হোৱাৰ মন মেলে ৷ প্ৰথমে ৩০০ বিঘা ভূমিত তেওঁলোকে মাটিমাহ সিঁচিছিল যদিও, বানৰ বাবে সম্পূৰ্ণ ধ্বংস হৈ পৰে তেওঁলোকৰ খেতিৰ ফচল ৷ তৎসত্বেও তেওঁলোক ভাগি নপৰি দুগুণ উৎসাহেৰে প্ৰায় 500 বিঘা ভূমিত চাপৰি মুকলি কৰি লক্ষিমপুৰৰ পৰা সৰিয়হৰ উন্নত বীজ আনি প্ৰায় ৩০ দিন ধৰি হাল বাই সেই মাটিত সিঁচে ৷ কোনো চৰকাৰী সহায় নোলোৱাকৈয়ে নিজৰ গাঁঠিৰ ধন খৰচ কৰি নিজৰ উপাৰ্জনৰ বাট মোকলালে উদ্যমী যুৱক কেইগৰাকীয়ে ৷

লগতে পঢ়ক: প্ৰৱঞ্চক প্ৰতিষ্ঠানৰ বিৰুদ্ধে CBI ৰ 19 টা স্থানত তদন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.