জোনাই, ১৮ জুলাই: ঐনিতম আৰু গুমৰাক নৃত্যৰে উখল-মাখল পৰিৱেশ মাজুলী গেজেৰাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী প্ৰক্ষাগৃহ ৷ সামাজিক, বৌদ্ধিক, সংস্কৃতিক বাবে মিচিং সমাজক আগুৱাই নিয়াৰ উদ্দেশ্যে গঠন কৰা মহাসভা মিচিং বানৌ কৌবাঙে ২০২৪ ত শতবৰ্ষত ভৰি দিব ৷ সেয়ে শনিবাৰৰ পৰা মাজুলী গেজেৰাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী প্ৰেক্ষাগৃহত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় মিচিং জনগোষ্ঠী সকলৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰক সামাজিক গোট মিচিং বানৌ কৌবাঙৰ শতবর্ষ শুভাৰম্ভণি অনুষ্ঠান ৷
জোনাই, চিলাপথাৰ, ধেমাজি, গোগামুখ, ঢকুৱাখনা আদি অসমৰ বিভিন্ন ঠাইৰ পৰা অহা সহস্রাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে মিচিং বানৌ কৌবাং অনুষ্ঠানত ৷ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা মিচিং বানৌ কৌবাঙৰ শতবৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠানত গুমৰাগ নৃত্যৰে মুখৰিত হৈ পৰে শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী প্ৰক্ষাগৃহ ৷ মিচিং জনগোষ্ঠীৰ জাতীয় সংগঠন মিচিং বানৌ কৌবাঙে ২০২৪ বৰ্ষত শতবর্ষ গৰকিব।
উল্লেখ্য যে ১৯২৪ চনত প্ৰতিষ্ঠ হোৱা মিচিংসকলৰ জাতীয় মহাসভা অ-ৰাজনৈতিক সংগঠন মিচিং বানৌ কৌবাঙে মিচিং সমাজৰ সামাজিক সংস্কাৰ, অৰ্থনৈতিক, ভূমি সমস্যা, শিক্ষা-দীক্ষাৰ লগতে কৃষ্টি-সংস্কৃতিৰ সৰ্বতোপ্ৰকাৰ উত্তৰণৰ লগতে জাতীয় ঐক্য গঢ়ি তুলি আহিছে । মিচিং বানৌ কৌবাঙৰ শতবর্ষ শুভাৰম্ভণি অনুষ্ঠানটি শনিবাৰে বিভিন্ন তোৰণ আৰু মঞ্চ স্বনামধন্য ব্যক্তিৰ নামত নামাকৰণ কৰি শুভাৰম্ভণি কৰে।
উল্লেখযোগ্য যে মিচিং বানৌ কৌবাঙৰ শতবর্ষ শুভাৰম্ভণিৰ মুকলি সভাত অংশগ্ৰহণ কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা মিচিং বানৌ কৌবাঙৰ শতবৰ্ষ অনুষ্ঠান সফলভাৱে সামৰণি পৰে ৷ সোমবাৰে নিজম পৰিল মাজুলী গেজেৰা ৷
লগতে পঢ়ক:Ranoj pegu on Ali Alye Ligang: আলি আয়ে লৃগাং কোনো কাৰণত মেলামুখী হ’ব নোৱাৰিব- ৰণোজ পেগু