ETV Bharat / state

খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে নামনি মাজুলীত

চৰকাৰক সকীয়নি প্ৰদান কৰিলে নামনি মাজুলীবাসীয়ে ৷ কিয়নো বহু প্ৰতিশ্ৰুতিৰ পাচতো নামনি মাজুলীৰ গৰাখহনীয়া সমস্যাৰ সমাধান নকৰিলে চৰকাৰে ৷ এই অভিযোগ উত্থাপন কৰিছে নামনি মাজুলীবাসীয়ে ৷

নামনি মাজুলী
নামনি মাজুলী
author img

By

Published : Sep 25, 2020, 5:04 PM IST

মাজুলী, 25 ছেপ্তেম্বৰ: গৰাখহনীয়াৰ সমস্যাই ব্যাপক অসুবিধাৰ সৃষ্টি কৰিছে নামনি মাজুলীবাসী লোকৰ মাজত ৷ স্থানীয় ৰাইজৰ সেই দীৰ্ঘদিনীয়া সমাধানৰ বাবে শুকুৰবাৰে ওলাই আহিল সকলো ৷ কিয়নো দুবছৰ পূৰ্বৰে পৰাই তেওঁলোকৰ সমস্যা সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰি আহিছে যদিও আজিলৈ নাপালে কোনো সমাধান ৷ মুখ্যমন্ত্ৰীয়েই হওক কিম্বা স্থানীয় জনপ্ৰতিনিধিয়েই হওক,প্ৰতিশ্ৰুতি প্ৰদান কৰে ঠিকেই কিন্তু সেইয়া ফলপ্ৰসুহে হৈ নুঠে ৷ এই অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে ৷

খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে নামনি মাজুলীত

খহনীয়াৰ ফলত এতিয়া উছন হোৱাৰ দিশে অগ্ৰসৰ হৈছে কুলি চাপৰি,মলয়া চাপৰি আদি অঞ্চল ৷ তাৰ পাচতো চৰকাৰে খহনীয়া প্ৰতিৰোধ কৰিব নোৱাৰাটো অতিকৈ দুৰ্ভাগ্যজনক বিষয় বুলি উল্লেখ কৰে স্থানীয় ৰাইজে ৷ নামনি মাজুলী দ্বি-খণ্ডিত হোৱাৰ পথত,গতিকে অতি শীঘ্ৰেই চৰকাৰে বৃহত্তৰ অঞ্চলটোৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিব লাগে ৷ অন্যথা কেৱল নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত দিয়া মিছা প্ৰতিশ্ৰুতিৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সাৰি যাব নোৱাৰিব বুলি সকীয়নি প্ৰদান কৰে ৰাইজে ৷ সেই সমস্যা সমাধান নকৰিলে সমাগত নিৰ্বাচনত তেওঁ সাংঘাতিকভাৱে মুখ ঠেকেচা খাব বুলিও উল্লেখ কৰে তেওঁলোকে ৷

লগতে পঢ়ক: তিনিচুকীয়াত আই পি এলক কেন্দ্ৰ কৰি ভুৱা বাতৰি প্ৰচাৰ কৰাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.