মৰিয়ণী, 4 ফেব্ৰুৱাৰীঃ অসম নগালেণ্ড সীমান্তৰ মৰিয়ণীৰ সেউজী গাঁৱৰ নিবাসী কৃষ্ণ গগৈ আৰু চুমী গগৈৰ একমাত্ৰ চাৰি বছৰীয়া পুত্ৰ অংশু গগৈৰ হৃদপৃণ্ডত ছিদ্ৰ ৷ ডেৰমাহৰ পূৰ্বেই ছিদ্ৰ থকাৰ কথা জানিব পাৰিছিল পৰিয়ালৰ লোকে । দিন হাজিৰা কৰা কৃষ্ণ গগৈয়ে ইতিমধ্যে নিজৰ সামৰ্থ্য অনুযায়ী তথা স্থানীয় লোকৰ সহযোগত যোৰহাট মেডিকেল কলেজ আৰু AMCH ডিব্ৰুগড়ত পুত্ৰৰ প্ৰাথমিক চিকিৎসা কৰাইছিল যদিও বৰ্তমানলৈকে কোনো সুফল লাভ কৰিব পৰা নাই ৷
অৱশ্যে বৰ্তমান শিশুটিৰ চিকিৎসা অসম চৰকাৰে সম্পূৰ্ণ বিনামূলীয়াকৈ মুম্বাইত কৰোৱাৰ দায়িত্ব লৈছে যদিও মুম্বাইলৈ অহা যোৱা কৰিবলৈ তথা শিশুটিৰ সৈতে পিতৃ-মাতৃ লগত যাবলৈ পৰিয়ালৰটোৰ হাতত নাই ধন । সেয়েহে বহু আশা পালি ৰাইজৰ পৰা সহায় সহযোগিতা বিচাৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে ।