মাজুলী,22 ফেব্ৰুৱাৰী: আগন্তুক বিধানভা নিৰ্বাচনৰ সময় ওচৰ চপাৰ সময়তে মাজুলীবাসীলৈ আহিছে এক সু-খবৰ ৷ মাজুলীৰ জনসাধাৰণক বিশুদ্ধ খোৱা পানী প্ৰদানৰ বাবে 142 কোটি টকাৰ ব্যয় সাপেক্ষে অচিৰেই মাজুলীত নিৰ্মাণ হ'ব ২৮ টা পানী যোগান প্ৰকল্প ৷ লগতে নিৰ্মাণ কৰা হ'ব তাৰকা গৃহ আৰু ব্ৰহ্মপুত্ৰ বৰ্ডৰ কাৰ্যালয় ৷ শনিবাৰে মাজুলীত উপস্থিত হৈ ২৮ টা আৰ্ছেনিক মুক্ত খোৱাপানী প্ৰকল্পৰ লগতে তাৰকা গৃহৰ আধাৰ শিলা স্থাপন মুখ্যমন্ত্ৰীয়ে ৷ মাজুলীক পূৰ্বৰ চৰকাৰ সমূহে যি মাহি আই চকুৰে চাইছিল তাক দূৰীকৰণৰ বাবে তথা বিভিন্ন বিভাগ সমূহে মাজুলীক যি হেয় দৃষ্টিৰে চাই আহিছিল তাক দূৰীকৰণৰ বাবে প্ৰতিটো মূহুৰ্ততে কাম কৰি অহাৰ কথা দোহাৰে মুখ্যমন্ত্ৰীজনে ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত,জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰী ৷
ভাষণ প্ৰসংগত সাংসদ তপন কুমান গগৈ, ৰিহন দৈমাৰীয়ে উল্লেখ কৰে যে এইয়া মাজুলীবাসীৰ বাবে আজি সৌভাগ্যৰ দিন ৷ ইয়াৰ উপৰিও জলসম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মন্ত্ৰী কেশৱ মহন্তই মাজুলীয়ে লাভ কৰা সা সুবিধা কথা উল্লেখ কৰাৰ লগতে মাজুলীত স্থাপন কৰা তাৰকা গৃহই মাজুলীক বিজ্ঞানৰ ক্ষেত্ৰত এক সুকীয়া মাত্ৰা প্ৰদান কৰিব মন্তব্য কৰে ৷ উল্লেখ্য যে উক্ত আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আয়ুক্ত সিদ্ধাৰ্থ সিং, ব্ৰহ্মপুত্ৰ বৰ্ডৰ অধ্যক্ষ ৰাজীৱ যাদৱ , অসম চৰকাৰৰ পৰিবহন আয়ুক্ত আদিল খান, হেমেন দাস, দেউৰী মাধৱ দেউৰী , অসম ক্ৰীকেট সন্থাৰ সভাপতি ৰমেন দত্ত, সমাজকৰ্মী লোকনাথ কুটুম, মনোজ বৰা, জিলা পৰিষদৰ অধ্যক্ষ পাপু দত্তকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি ৷
লগতে পঢ়ক: খোৱাঙত পথ নিৰ্মাণত ব্যাপক বিসংগতি !