মাজুলী, 15 জুন : মাজুলীত এটা দুৰ্ভগীয়া পৰিয়ালৰ তিনিটা কণমানিৰ জীনৱলৈ অমানিশা নামি আহিছে ৷ দৰিদ্ৰ পৰিয়ালৰ কণমানি তিনিটাৰ ভৱিষ্যত কি হ’ব তাকে লৈ চিন্তিত হৈ পৰিছে আত্মীয়সকল ৷ তথ্য অনুসৰি, পিতৃ-মাতৃক হেৰুওৱা 12 বছৰীয়া এটি কিশোৰৰ সৈতে সম্প্ৰতি দিশহাৰা হৈ পৰিছে দুই যমজ ভগ্নী ৷ দুই যমজ ভগ্নী মাতৃগৰ্ভত থকাৰ সময়তে অৰ্থাৎ 2015 চনত হেৰুৱাইছিল পিতৃক ৷ জৰাজীৰ্ণ ঘৰত বাস কৰি থকা তিনিটাকৈ সন্তানক মাতৃয়ে দিন-হাজিৰা কৰি পোহপাল দি আছিল ৷
কিন্তু বিগত 13 জুনত দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মাতৃৰ মৃত্যু হোৱাত দিক-বিদিক হেৰুৱাই পেলাইছে সন্তান তিনিটাই ৷ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে আত্মীয়সকল ৷ উল্লেখ্য যে, অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰ’ণা মহামাৰীত অনাথ হোৱা শিশুসকলৰ বাবে 'শিশু সেৱা আঁচনি'ৰ নামৰ এক আঁচনি মুকলি কৰিছে ৷ যি আঁচনিৰ দ্বাৰা প্ৰতিটো শিশুৱে 24 বছৰ বয়স পৰ্যন্ত মাহিলী 3500 টকাকৈ সাহায্য লাভ কৰাৰ লগতে চৰকাৰে এটাকৈ লেপটপ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে ৷
লগতে অনাথ কন্যা শিশুৰ বাবে অৰুন্ধতি আঁচনিৰ দ্বাৰা বিয়াৰ সময়ত 50 হাজাৰ টকাৰ লগতে এক তোলা সোণ প্ৰদান কৰাৰ কথা ঘোষণা কৰে ৷ চৰকাৰে এই আঁচনিসমূহ ঘোষণা কৰাৰ লগতে প্ৰতিখন জিলাৰ উপায়ুক্তক অনাথ শিশুক চিনাক্ত কৰি চৰকাৰক অৱগত কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ মাজুলীৰ এই অনাথ সন্তান তিনিটাক মাজুলীবাসীয়ে ৰাজ্য চৰকাৰৰ 'শিশু সেৱা আঁচনি'ৰ অধীনত অন্তৰ্ভূক্ত কৰি সকলো প্ৰকাৰে সহায় কৰিবলৈ আহ্বান জনায় ৷
লগতে পঢ়ক : মানসিক ভাৰসাম্য হেৰুওৱা এগৰাকী শিল্পীলৈ জুবিন গাৰ্গৰ সহায়ৰ হাত