ETV Bharat / state

শিশু অপহৰণৰ উৰাবাতৰিত ভয় নাখাবলৈ ৰাইজক আহ্বানৰ মাজুলী আৰক্ষীৰ

author img

By

Published : Aug 23, 2022, 9:43 PM IST

বিগত কিছুদিন ধৰি মাজুলীত শিশু অপহৰণৰ এক বাতৰি বিয়পি থকাত শংকিত হৈ পৰিছিল মাজুলীবাসী (Rumor of chilg kidnapping in Majuli) । মাজুলীত কোনো অপহৰণৰ ঘটনা সংঘটিত হোৱা নাই আৰু কোনেও শিশু অপহৰণৰ চেষ্টাও কৰা নাই বুলি সংবাদমেলযোগে সদৰি কৰে মাজুলী জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে (Majuli SP on rumor) ।

majuli sp press conference on child kidnep
মাজুলী জিলা আৰক্ষী অধীক্ষকৰ সংবাদ মেল সম্বোধন

মাজুলী, ২৩ আগষ্ট: মঙলবাৰে মাজুলী জিলাৰ আৰক্ষী অধীক্ষক গৌতম বৰাই এখনি সংবাদ মেলৰ সম্বোধন কৰে (Press conference of Majuli SP) । সংবাদ মেলত আৰক্ষী অধীক্ষক গৰাকীয়ে কয় যে, যোৱা কেইটামান দিন মাজুলীত এক দুষ্ট চক্ৰই শিশু অপহৰণ ৰিবলৈ চেষ্টা চলাই আছে বুলি এটা কথা ওলাই আছে কিন্তু সেইয়া সম্পূৰ্ণ অপপ্ৰচাৰ (Rumor of chilg kidnapping in Majuli) । মাজুলীত কোনো শিশু অপহৰণকাৰী নাই আৰু কোনেও শিশু অপহৰণৰ চেষ্টাও কৰা নাই ।

জেঙৰাই থানাৰ অন্তৰ্গত নামনি চেৰেপাই আৰু গড়মূৰ থানাৰ অন্তৰ্গত গোপালপুৰ কাংকান নগৰত যি ঘটনা সংঘটিত হৈছে সেয়া কোনো শিশু অপহৰণকাৰী লগত জড়িত নহয় বৰঞ্চ দুইটা ঘটনা আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত চোৰ বুলি তথ্য লাভ কৰিছে বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে (Majuli SP on rumor)। আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে, মাজুলী অতি শান্তিপ্ৰিয় ঠাই আজিৰ তাৰিখত মাজুলীত কোনো ধৰণৰ শিশু অপহৰণ কাৰী নাই ।

তেওঁ লগতে কয় যে, শিশু অপহৰণৰ চেষ্টা কৰাৰ দৰে ঘটনাৰ যি প্ৰচাৰ চলিছে সেইয়া সম্পূৰ্ণ অপপ্ৰচাৰ ৷ গতিকে মাজুলীৰ ৰাইজে এই অপপ্ৰচাৰৰ বাবে ভয় খাব নালাগে ৷ আৰক্ষীয়ে গোটেই বিষয়টোৰ ওপৰত সম্পূৰ্ণ চকু ৰাখিছে ।

সন্দেহজনক কিবা তথ্য বা লোক দেখিলে নিজে আইন হাতত তুলি নলৈ আৰক্ষীক খবৰ দিবলৈ আহ্বান জনাইছে মাজুলী জিলাৰ আৰক্ষী অধীক্ষক গৰাকীয়ে । ইফালে আৰক্ষী অধীক্ষক গৰাকীয়ে কয় মাজুলী ফুৰিবলৈ, বা মাজুলীৰ সৌন্দৰ্য উপভোগ কৰিবলৈ মাজুলীলৈ বিভিন্ন ঠাইৰ লোকৰ আগমণ ঘটে সেইসকলক যাতে কোনেও অপকাৰ নকৰে ।

লগতে পঢ়ক: মৌ পালনো হ’ব পাৰে জীৱন জীৱিকাৰ মূলপথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.