ETV Bharat / state

মাজুলীত শিৱৰাত্ৰী পালন

author img

By

Published : Mar 12, 2021, 5:25 PM IST

মাজুলীৰ বিভিন্ন শিৱ মন্দিৰসমূহত পুৱাৰ পৰাই ভক্তগণ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয় । শিৱ বন্দনাৰে মুখৰিত হৈ পৰিছে মাজুলীৰ আকাশ বতাহ । আধ্যাত্মিকতাৰ মনোভাৱেৰে ভোলানাথক আৰাধনাৰ বাবে মন্দিৰসমূহত ভক্তগন ৰাইজে চাকি-বন্তি জ্বলাই নিজৰ মনোবাঞ্চা পূৰণৰ বাবে পূজা অৰ্চনা কৰে ।

মাজুলীত শিৱৰাত্ৰী পালন
মাজুলীত শিৱৰাত্ৰী পালন

মাজুলী, ১২ মাৰ্চ: সমগ্ৰ ৰাজ্যৰ লগতে মাজুলীতো উলহ মালহেৰে মহা শিৱৰাত্ৰী পূজা পালন কৰা হয় । মাজুলীৰ বিভিন্ন শিৱ মন্দিৰসমূহত পুৱাৰ পৰাই ভক্তগণ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয় । শিৱ বন্দনাৰে মুখৰিত হৈ পৰিছে মাজুলীৰ আকাশ বতাহ। আধ্যাত্মিকতাৰ মনোভাৱেৰে ভোলানাথক আৰাধনাৰ বাবে মন্দিৰসমূহত ভক্তগন ৰাইজে চাকি-বন্তি জ্বলাই নিজৰ মনোবাঞ্চা পূৰণৰ বাবে পূজা অৰ্চনা কৰে ।

চাকি, ধূপ, ফল-মূল, নৈবদ্যৰ সুগন্ধিৰে সুবাসিত হৈ পৰিছে মাজুলীৰ শিৱ মন্দিৰসমূৰ চৌপাশ । শিৱক মহিল‍াসকলে বেছিকৈ আৰাধনা কৰে বুলি লোক বচন আছে । সেয়েহে শিৱমন্দিৰসমূহত সৰহ সংখ্যক মহিলা দেখিবলৈ পোৱা গৈছে । শিৱৰাত্ৰী উপলক্ষে মাজুলীৰ নিলকন্ঠ মন্দিৰকে ধৰি শিৱ মন্দিৰত শতাধিক ভক্তগন ৰাইজৰ সমাগম দেখিবলৈ পোৱা যায় । মাজুলীৰ বনগাঁওস্থিত অমৰ নাথ হৰিমন্দিৰতো বিভিন্ন ধৰ্মীয় কার্যসূচীৰে শিৱৰাত্ৰী পালন কৰাৰ লগতে ৰাতিলৈ ভাওঁনা প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে শিৱৰাত্ৰী উদযাপন সমিতিয়ে ।

লগতে পঢ়ক: বাক্সাৰ কাউলীত আৰম্ভ অখণ্ড তাৰক ব্ৰহ্ম মহানাম যজ্ঞ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.