ETV Bharat / state

মাজুলীত জৰুৰীকালীন ক'ভিড ৰোগীক সত্ৰই যোগান ধৰিব অস্কিজেন

author img

By

Published : Jun 17, 2021, 2:22 PM IST

মাজুলীত উত্তৰ-পূব শিশু বিকাশ কেন্দ্ৰ আৰু সেৱা ভাৰতী পূৰ্বাঞ্চলৰ উদ্যোগত বুধবাৰে ঐতিহাসিক উত্তৰ কমলাবাৰী সত্ৰলৈ বিনামূলীয়াকৈ ৬ টা অক্সিজেন কনচেনট্ৰেটৰ(oxygen concentrator)ৰ লগতে পিপিই কিট(PPE Kit) আগবঢ়ায় ৷ উত্তৰ কমলাবাৰী সত্ৰৰ স্বাস্থ্য সেৱা কেন্দ্ৰ(Uttar Kamalabari Satra Healthcare Center)ৰ লগত যোগাযোগ কৰিলে মাজুলীবাসীয়ে এই সুবিধা লাভ কৰিব পাৰিব ৷

Majuli satra
মাজুলীত জৰুৰীকালীন ক'ভিড ৰোগীক সত্ৰই যোগান ধৰিব অস্কিজেন

মাজুলী, 17 জুন : মাজুলীত জৰুৰীকালীন ক'ভিড ৰোগীক সত্ৰই যোগান ধৰিব অস্কিজেন । ক'ভিডক প্ৰতিহত কৰা সংগ্ৰামত সহায় কৰিবৰ বাবে " উত্তৰ-পূব শিশু বিকাশ কেন্দ্ৰ আৰু সেৱা ভাৰতী পূৰ্বাঞ্চল"ৰ উদ্যোগত বুধবাৰে ঐতিহাসিক উত্তৰ কমলাবাৰী সত্ৰলৈ বিনামূলীয়াকৈ ৬ টা অক্সিজেন কনচেনট্ৰেটৰ(oxygen concentrator)ৰ লগতে পিপিই কিট(PPE Kit) আগবঢ়ায় । উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰৰ চৰাত আয়োজিত অনুষ্ঠানত জিলা উপায়ুক্ত বিক্ৰম কৈৰী, মাজুলীৰ অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱা, পূৰ্বাঞ্চল ভাৰতীৰ ক্ষেত্ৰ সংগঠন মন্ত্ৰী সুৰেন্দ্ৰজী, সংঘৰ ক্ষেত্ৰ সেৱা প্ৰমুখ ৰাজেশ দেশকৰ দেৱৰ উপস্থিতিত সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ হাতত চিকিৎসা সামগ্ৰী সমূহ গতাই শুভ উদ্ধোধন কৰে ৷

উল্লেখ্য যে, উত্তৰ কমলাবাৰী সত্ৰৰ স্বাস্থ্য সেৱা কেন্দ্ৰ(Uttar Kamalabari Satra Healthcare Center)ৰ লগত যোগাযোগ কৰিলে মাজুলীবাসীয়ে বিনিমূলীয়াকৈ এই অক্সিজেন কনচেনট্ৰেটৰ(oxygen concentrator)ৰ সুবিধা লাভ কৰিব পাৰিব । মনকৰিবলগীয়া কথা যে, মাজুলীত জটিল ৰোগত আক্ৰান্ত হোৱা ৰোগী সকলে দীৰ্ঘদিনৰ পৰা মাজুলীত আইচিইউ(ICU) নথকাৰ বাবে হাৰাশাস্তি ভোগাৰ অভিযোগ কৰি আহিছে৷ বহুসময়ত ৰোগী সকলক স্বাস্থ্য বিভাগে নিদিষ্ট সময়ত অক্সিজেন চিলিণ্ডাৰ(Oxygen cylinder) যোগান ধৰিব নোৱাৰাৰ ফলত অকালতে মৃত্যুক সাৱতিব লগা পৰিস্থিতি সৃষ্টি হৈছে ।

মাজুলীৰ কোনো ৰোগীয়ে যাতে অকালতে মৃত্যুক সাৱতিব লগা নহয় তাৰ বাবে উত্তৰ পূৱ শিশু বিকাশ কেন্দ্ৰ আৰু পূৰ্বাঞ্চল সেৱা ভাৰতীৰ উদ্যোগত মাজুলীত বিনামুলীয়া অক্সিজেন কনচেনট্ৰটৰ(oxygen concentrator) মজুত ৰখাটো গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে বুলি মন্তব্য কৰিছে মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰীয়ে । মাজুলীৰ স্বাস্থ্য বিভাগৰ দুৰ্বলতাৰ প্ৰতি লক্ষ্য ৰাখি ক'ভিড ৰোগী সকলৰ সহায় হোৱাকৈ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰৰ চ'ৰাত ৬ টাকৈ বিনামূলীয়া অক্সিজেন কনচেনট্ৰেট(oxygen concentrator)ৰ মজুত থাকিব আৰু কোনো জৰুৰীকালীন ৰোগীক সত্ৰৰ লগত যোগাযোগ কৰিলে সুবিধা পাব বুলি উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে উল্লেখ কৰে ।

লগতে পঢ়ক : 25 জুলাইৰ পৰা মুকলি হ’ব জগন্নাথ মন্দিৰৰ দ্বাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.