ETV Bharat / state

লক্ ডাউনঃ সংকটৰ গৰাহত মাজুলিৰ মুখাশিল্প

author img

By

Published : May 8, 2020, 5:40 PM IST

Updated : Jan 19, 2023, 12:36 PM IST

মাজুলিৰ মুখালিল্পলৈ অশনি সংকেত ৷ বিশ্বৰ বজাৰত সমাদৰ লাভ কৰা মুখাশিল্পৰ ৰপ্তানি বৰ্তমান বন্ধ হৈ আছে ৷ এই শিল্প বিধৰ লগত জড়িত পৰিয়াল সমূহলৈ আৰ্থিক সহায়ৰ হাত আগবঢ়াবলৈ চৰকাৰক অনুৰোধ মুখাশিল্পী সকলৰ ৷

মাজুলিৰ মুখাশিল্প
লক্ ডাউনঃ সংকটৰ গৰাহত মাজুলিৰ মুখাশিল্প

মাজুলি, 8 মে' : লক্ ডাউনৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ দেশলৈ সৰবৰাহ হোৱা মাজুলিৰ মুখাশিল্প বৰ্তমান সংকটৰ গৰাহত ৷

উল্লেখযোগ্য যে, সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলী হ'ল অসমৰ পৰ্যটন উদ্যোগৰ আন এক গুৰুত্বপূৰ্ণ তথা আৰ্কষনীয় স্থলী । মাজুলীলৈ আগমন ঘটা দেশী-বিদেশী পৰ্যটকক আৰ্কষন কৰাৰ অন্যতম কেন্দ্ৰ হ'ল ঐতিহ্যমণ্ডিত চামগুৰি সত্ৰৰ মুখা শিল্প ৷ বিভিন্ন চৰিত্ৰত ব্যৱহৃত বৰমুখা, মুখমুখা, লুতুকৰি মুখাৰে ভৰপুৰ হৈ থকা সত্ৰত এতিয়া নাই পৰ্যটকৰ ভিৰ ৷ নিতৌ শতাধিক দেশী-বিদেশী পৰ্যটকে ভিৰ কৰাৰ উপৰিও বিদেশলৈ ৰপ্তানী হোৱা মুখা শিল্পৰ বজাৰখনত এতিয়া নিমাউমাও পৰিবেশ ৷

অসমৰ বিশিষ্ট মুখা শিল্পী ড৹ হেমচন্দ্ৰ গোস্বামীয়ে জনোৱা অনুসৰি, লক্ ডাউনৰ পূৰ্বে ইটালি, ফ্ৰাঞ্চ, আমেৰিকাৰ চুইজাৰলেণ্ড, ইজৰাইল, পোলেণ্ড, ৰাছিয়াৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য লৈ পঠোৱা হৈছিল মাজুলিৰ মুখাশিল্প ৷ কিন্তু বৰ্তমান বন্ধ হৈ আছে সকলো মুখাশিল্পৰ ৰপ্তানি ৷

আনহাতে, মুখাশিল্পী খগেন চন্দ্ৰ গোস্বামীয়ে জনোৱা অনুসৰি, এই মুখা শিল্পক জীৱিকা হিচাপে লৈ সত্ৰখনত প্ৰায় 20 জন নিবনুৱা যুৱকে মুখা নিৰ্মান কৰি পেটৰ ভাত মোকোলাই আহিছিল কিন্তু বৰ্তমান লক্ ডাউনৰ বাবে পুতৌজনক অৱস্থা হৈছে সেই সকল শিল্পীৰ পৰিয়ালৰ মাজত ৷

গতিকে লক্ ডাউনৰ বাবে বিধস্ত হোৱা এই সকল শিল্পীক চৰকাৰে কিছু পৰিমানে আৰ্থিক সহায় আগবঢ়াই ঐতিয্যমণ্ডিত মুখাশিল্প বিধক জীয়াই ৰাখিবলৈ অনুৰোধ জনাইছে ড০ হেমচন্দ্ৰ গোস্বামীয়ে ৷

লগতে পঢ়ক : আপোন মানুহবোৰো ইমান নিষ্ঠুৰ হ'ব পাৰেনে..

Last Updated : Jan 19, 2023, 12:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.