ETV Bharat / state

মুখেৰে মুখ্যমন্ত্ৰীৰ ছবি অংকন কৰি জন্মদিনৰ শুভেচ্ছা জ্ঞাপন মাজুলীৰ যুৱকৰ

author img

By

Published : Feb 1, 2022, 1:24 PM IST

মুখ্যমন্ত্ৰীৰ জন্মদিনৰ দিনা বিশেষ উপহাৰ আগবঢ়ালে মাজুলীৰ এজন যুৱকে (Birthday gift CM Himanta Bishwa Sarma) ৷ মুখেৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ছবি অংকন কৰি অংকণ কৰি জন্মদিনৰ শুভেচ্ছা জনালে যুৱকজনে ৷

A BOY FROM MAJULI DRAWS HIMANTA BISWA SARMA'S PICTURE
মুখেৰে মুখ্যমন্ত্ৰীৰ ছবি অংকন কৰি জন্মদিনৰ শুভেচ্ছা জ্ঞাপন মাজুলীৰ যুৱকৰ

মাজুলী, 1 ফেব্ৰুৱাৰী : ৫৩ বছৰত ভৰি দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Assam CM Himanta Biswa Sarma turns 53)ই। এইটো হৈছে মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো (Himanta Biswa Sarma Birthday) জন্মদিন । যোৱা ১০ মে'ত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰাৰ পিছত এইটো হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো জন্মদিন । আজি জন্মদিনৰ দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুখ্যমন্ত্ৰীৰ জন্মদিন উদযাপনৰ বাবে ব্যাপক আয়োজন কৰা হৈছে । ইফালে নিজ সমষ্টি জালুকবাৰীতো তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন ।

পিছে মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে এক বিশেষ উপহাৰ আগবঢ়ালে সত্ৰনগৰী মাজুলীৰ এজন যুৱকে(mouth painting of Himanta Biswa Sarma) ৷ এইবাৰ মুখেৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ছবি অংকন কৰি মুখ্যমন্ত্ৰীলৈ জন্মদিনৰ শুভেচ্ছা জনালে মাজুলীৰ এজন যুৱক দীপক নেওগে ৷ মাজুলীৰ ৰাওনাপুখুৰী পাৰত পুৱাই মুখ্যমন্ত্ৰীগৰাকীৰ ছবি মুখেৰে অংকণ কৰে যুৱকজনে ৷

উল্লেখ্য যে ,২০২০ চনৰ পৰা ছবি অংকণ কৰি অহা যুৱকজনে ২০২১ বৰ্ষত অসম বুক অৱ ৰেৰ্কডছ আৰু ইণ্ডিয়া বুক অৱ ৰেৰ্কডছত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে যুৱক জনে। ইফালে বিভিন্ন জনৰ ছবি এই মাধ্যমেৰে অংকণ কৰাৰ লগতে নিজৰ ছবিও এই মাধ্যমৰ জৰিয়তে অংকণ কৰি আহিছে ।

ইফালে মুখ্যমন্ত্ৰীৰ জন্মদিন উপলক্ষে গুৱাহাটীলৈ ৰাওনা হৈছে সত্ৰনগৰী মাজুলীৰ আউনীআটী সত্ৰৰ ৩০ জন আৰু দক্ষিণপাট সত্ৰৰ ১৭ জনকৈ বালক বৈষ্ণৱ (Himanta Biswa Sarma's Birthday Celebration)। লগতে হিমন্ত বিশ্ব শৰ্মাৰ জন্ম দিনতো সুকলমে পাৰ হোৱাৰ কামনাৰে মাজুলী শ্ৰী শ্ৰী দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ সহিতে শিষ্য সকলে ভগৱানৰ ওচৰত প্ৰাথনা কৰে । হিমন্ত বিশ্ব শৰ্মাই অনাগত দিনত যাতে অসমৰ হকে, অসমৰ ৰাইজৰ হকে কাম কৰিব পাৰে তাৰ বাবে সত্ৰৰ সত্ৰাধিকাৰসকলে কামনা কৰে ৷

লগতে পঢ়ক : মামাৰ জন্মদিন পালিবলৈ গুৱাহাটী যাত্ৰা মাজুলীৰ ৪৭ জন ভাগিনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.