ETV Bharat / state

মাজুলীত সত্ৰাধিকাৰ দত্ত দেৱ গোস্বামীৰ আধ্যাত্মিক গ্ৰন্থ "জ্ঞান চক্ষু" উন্মোচন ৷

author img

By

Published : Nov 10, 2021, 11:18 AM IST

মাজুলীত মংগলবাৰে সত্ৰাধিকাৰ দত্ত দেৱ গোস্বামীৰ গ্ৰন্থ "জ্ঞান চক্ষু" উন্মোচন কৰা হয় ৷ সভাত উপস্থিত থাকে হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ, ভাতৃ আৰু তেওঁৰ সহধৰ্মিণী ৷

book-inauguration
সত্ৰাধিকাৰ দত্ত দেৱ গোস্বামীৰ "জ্ঞান চক্ষু" উন্মোচন

মাজুলী, 10 নৱেম্বৰ : মাজুলীৰ শ্ৰী শ্ৰী ভোগপুৰ সত্ৰত 9 নৱেম্বৰত এক গ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হৈ যায় ৷ এই সভাত শ্ৰী শ্ৰী ভোগপুৰ সত্ৰৰ চতুৰ্দশ সত্ৰাধিকাৰ দত্ত দেৱ গোস্বামীৰ আধ্যাত্মিক তত্বৰ গ্ৰন্থ "জ্ঞান চক্ষু" উন্মোচন কৰা হয় ৷ গ্ৰন্থখনিৰ শুভ উন্মোচন কৰে অসম সাহিত্য সভাৰ উপ-সভাপতি তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ মৃণালিনী দেৱীয়ে ৷

book-inauguration
মাজুলীত সত্ৰাধিকাৰ দত্ত দেৱ গোস্বামীৰ আধ্যাত্মিক গ্ৰন্থ "জ্ঞান চক্ষু" উন্মোচন ৷

অনুষ্ঠানত তেখেতৰ লগতে শৰ্মাৰ ভাতৃ আৰু সহধৰ্মিণীও উপস্থিত থাকে ৷ পুৱা ফেৰীৰে কমলাবাৰী ঘাটত উপস্থিত হৈ তেওঁলোকে পোনে পোনে ভোগপুৰ সত্ৰলৈ যাত্ৰা আৰম্ভ কৰে ৷ ঘাটত মাজুলী জিলা সাহিত্য সভাৰ বিষয়ববীয়া আৰু বিভিন্নজনে তেওঁলোকক আদৰণি জনায় ৷

বৰ্ণমালা প্ৰকাশনৰ উদ্যোগত আয়োজিত অনুষ্ঠানটোত উপস্থিত হৈ মৃণালিনী দেৱীয়ে যথেষ্ট সন্তোষ প্ৰকাশ কৰে ৷ সাংবাদিকৰ আগত কয় যে, এনে গ্ৰন্থ ভগৱানৰ আশীৰ্বাদ পালেহে লিখিব পাৰি ৷ বৰ্তমানৰ প্ৰজন্মই এই গ্ৰন্থখন হৃদয়ংগম কৰিব পাৰিলে ইয়াৰ সৃষ্টিৰ প্ৰকৃত মূল্যায়ন হ’ব বুলিও তেওঁ মন্তব্য কৰে ৷

মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দেৱজিৎ শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই গ্ৰন্থ উন্মোচনী সভাত মাজুলী জিলা উপায়ুক্ত পুলক মহন্ত আৰু আৰক্ষী অধীক্ষক গৌতম বৰা , সাহিত্য একাডেমীৰ অনুবাদ সাহিত্য বঁটা প্ৰাপক দিগন্ত বিশ্ব শৰ্মাই বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে ৷

লগতে চাওক : আজিৰ দিনটোৰ ৰাশিফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.