ETV Bharat / state

Nimatighat ত পুনৰ ব্ৰহ্মপুত্ৰত পৰিল মহিলা - Nimati Ghat Accident

8 ছেপ্তেম্বৰত নিমাতীঘাটৰ শোকাৱহ দুৰ্ঘটনাত তিনিজনকৈ যাত্ৰীয়ে প্ৰাণ হেৰুৱাৰ পিছত ঘাটটোত ৰাস পূৰ্ণিমাৰ নিশা পুনৰ সংঘটিত হয় দুৰ্ঘটনা ৷ ভৰা ব্ৰহ্মপুত্ৰৰ পানীত পৰিল এগৰাকী মহিলা ৷ দুৰ্ঘটনাটোৰ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

নিমাতী ঘাটত পুনৰ ব্ৰহ্মপুত্ৰত পৰিল মহিলা

author img

By

Published : Nov 19, 2021, 11:08 AM IST

মাজুলী, 19 নৱেম্বৰ : মাজুলী নিমাতী ঘাটত কালি নিশা পুনৰ সংঘটিত হ'ল অঘটন ৷ অজ্ঞাত কাৰণত হঠাৎ ব্ৰহ্মপুত্ৰৰ বুকুত পৰিল এগৰাকী মহিলা ৷ ঘটনা সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলীত হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয় ৷ দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে স্থানীয় ৰাইজৰ সহযোগত নিমাতী আৰক্ষীয়ে নদীৰ বুকুৰ পৰা মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

মহিলাগৰাকীৰ ঘৰ যোৰহাট জিলাৰ ধেনুচোচাত বুলি জানিব পৰা গৈছে ৷ কিদৰে মহিলাগৰাকী ব্ৰহ্মপুত্ৰৰ বুকুত পৰিল সেই বিষয়ে এই পৰ্যন্ত জানিব পৰা হোৱা নাই ৷ উদ্ধাৰৰ পিছতে প্ৰায় 40 বছৰীয়া মহিলাগৰাকীক চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ দুৰ্ঘটনাটোৰ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্ত কৰিছে যদিও চিকিৎসাধীন অৱস্থাত থকা মহিলাগৰাকী সুস্থ হৈ উঠাৰ পিছতহে সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত জানিব পৰা যাব ৷

উল্লেখ্য যে, যোৱা 8 ছেপ্তেম্বৰত নিমাতী ঘাটত সংঘটিত হৈছিল এটা শোকাৱহ নাও দুৰ্ঘটনা ৷ কমলাবাৰী অভিমুখী এখন ফেৰীত বিপৰীত দিশৰ পৰা অহা এখন নাৱে খুন্দা মৰাৰ ফলত তিনিজনকৈ যাত্ৰীৰ মৃত্যু হৈছিত ৷ ইয়াৰ পিছতে দাবী উত্থাপন হৈছিল দলঙৰ ৷

লগতে পঢ়ক : নৱেম্বৰৰ শেহত পুতিব খুঁটা, চাৰি বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব মাজুলীলৈ দলং নিৰ্মাণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.