ETV Bharat / state

ম'হ গোৱালৰ জীৱন-জীৱিকাৰ প্ৰতি অনিশ্চয়তা কঢ়িয়াই আনিছে ক'ভিডে

author img

By

Published : Jun 4, 2021, 11:05 PM IST

Updated : Jun 5, 2021, 7:57 PM IST

ক'ভিডৰ বাবেই মাজুলীৰ একাংশ ম'হ গোৱালৰ লগতে গাখীৰ বিক্ৰীৰ লগত জড়িত লোকসকলৰ মাজতো সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷ মাজুলীৰ গাঁৱে-ভূঞে, চৰ-চাপৰি অঞ্চলত বহু সংখ্যক লোকে ম'হ পালন কৰি গাখীৰ বিক্ৰীৰে জীৱিকা সন্ধান লৈছিল ৷ কিন্তু বৰ্তমান ক'ভিড সৃষ্ট পৰিবেশৰ বাবে এই গোৱালসকলৰ গাখীৰ বিক্ৰীৰ ক্ষেত্ৰত বজাৰৰ অভাৱ ঘটিছে ৷

impact of covid on milk market in assam
ম'হ গোৱালৰ জীৱন জীৱিকাৰ প্ৰতি অনিশ্চয়তা কঢ়িয়াই আনিছে ক'ভিডে

মাজুলী, 4 জুন : ক'ৰণা ভাইৰাছে অমানিশা কঢ়িয়াই আনিছে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে ৰাজ্যৰ খাটি খোৱা সাধাৰণ জনতালৈ । ক'ৰণাৰ ভয়াৱহতাই সৃষ্টি কৰা পৰিস্থিতিত এসাঁজ খাই এসাঁজলৈ চিন্তা কৰি থাকিবলগীয়া হৈছে সমাজৰ এক শ্ৰেণীৰ লোকে ৷ ক'ৰণা ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰ-প্ৰশাসনে ঘোষণা কৰা আংশিক লক ডাউনৰ ফলত হাহাকাৰ কৰিবলগীয়া হৈছে ক্ষুদ্ৰ ব্যৱসায়ী তথা কৃষিজীৱী লোকসকলে ৷

ক'ভিড সৃষ্ট এই পৰিস্থিতিৰ বাবেই মাজুলীৰ একাংশ ম'হ গোৱালৰ লগতে গাখীৰ বিক্ৰীৰ লগত জড়িত লোকসকলৰ মাজতো সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷ ২০২০ বৰ্ষতো ক'ভিডৰ বাবে ম'হ গোৱাল সকলৰ লগতে গাখীৰ বিক্ৰী কৰা লোকসকলৰ পানীত হাঁহ নচৰা অৱস্থা সৃষ্টি হৈছিল ।

মাজুলীৰ গাঁৱে-ভূঞে, চৰচাপৰি অঞ্চলত বহু সংখ্যক লোকে ম'হ পালন কৰি গাখীৰ বিক্ৰীৰে জীৱিকা সন্ধান লৈছিল ৷ কিন্তু বৰ্তমান এই গোৱাল সকলৰ গাখীৰ বিক্ৰীৰ ক্ষেত্ৰত বজাৰৰ অভাৱ ঘটিছে ৷ মাজুলীৰ ম'হ গোৱাল সকলৰ ম'হ খুটিৰ পৰা গাখীৰ ক্ৰয় কৰি গাখীৰৰ মহলদাৰী সকলে মাজুলীৰ লগতে যোৰহাট জিলালৈকৈ বিক্ৰীৰ বাবে নিছিল । বৰ্তমান আন্তঃ জিলা যাতায়ত বন্ধ হৈ থকাৰ বাবে স্তব্ধ হৈ পৰিল গাখীৰৰ বজাৰখন ৷ এই পৰিস্থিতিত গাখীৰৰ মহলদাৰী সকলৰ গাখীৰ বিক্ৰীৰ বাবে সুবিধা নোহোৱা হ'ল ৷ যাৰ ফলত এক বৃহৎ লোকচানৰ সন্মুখীন হৈছে মাজুলীৰ ম'হৰ গোৱাল সকল ৷

ইফালে গাখীৰ পৰা বিভিন্ন ধৰণৰ মিঠাই প্ৰস্তুত কৰা হয় । বিশেষকৈ বৃহৎ পৰিমাণে গাখীৰ ক্ৰয় কৰে হোটেল সমূহে ৷ বৰ্তমান এই হোটেলসমূহতো ক'ভিড সৃষ্ট পৰিবেশৰ বাবে গ্ৰাহক নোহোৱা হ'ল আৰু হোটেলৰ মিঠাইও বিক্ৰী নোহোৱা হ'ল ৷ ইয়াৰ ফলত গাখীৰ ক্ৰয় হ্ৰাস কৰিছে হোটেলৰ মালিক সকলে ৷

গতিকে আংশিক লক ডাউনৰ ফলত গাখীৰৰ বজাৰখনত এক বৃহৎ প্ৰতিবন্ধকতা আহি পৰা লগে লগে লোকচানৰ সন্মুখীন হোৱা ম'হ আৰু গো পালক সকলে হাহাকাৰ কৰিব লগীয়া হৈছে ৷ এনে পৰিপেক্ষিত এতিয়া চৰকাৰৰ একমান সহায়ৰ বাবে আশাৰে বাট চাই ৰৈছে মাজুলিৰ ম'হ পালক সকলে ৷

লগতে পঢ়ক : ব্লেক ফাংগাছ সন্দৰ্ভত ডাঃ ডিনা ৰাজাৰ ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

Last Updated : Jun 5, 2021, 7:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.