মাজুলী, 27 নৱেম্বৰঃ মাজুলীত ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ ৷ মুদৈগাঁও-বনগাঁও পথ নিৰ্মাণত অনিয়মৰ বাবে নিলম্বন কৰিলে পথ নিৰ্মাণৰ দায়িত্বত থকা সীমান্ত দত্ত নামৰ কণিষ্ঠ অভিযন্তাজনক ৷ অসম চৰকাৰৰ গড়কাপ্তানী বিভাগৰ পথ সংমণ্ডলৰ আয়ুক্তই নিলম্বন কৰিছে অভিযন্তাজনক ৷ পুচফাছ কনষ্ট্ৰাকচন নামৰ কোম্পানীটোৰ নিৰ্মাণত বিসংগতিৰ বাবে নিৰ্মীয়মান অৱস্থাতে ভাগি গৈছিল এই পথটো ৷ ইটিভি ভাৰত অসমৰ ধাৰাবাহিক বাতৰিৰ প্ৰভাৱত নিলম্বন কৰিবলৈ বাধ্য হ’ল গড়কাপ্তানী বিভাগৰ উৰ্দ্ধতন কৰ্তৃপক্ষই ৷
কিন্তু তাৎপৰ্যপূৰ্ণভাৱে পথটো নিৰ্মাণৰ ঠিকাদাৰ হেমন্ত বৰাৰ ওপৰত নহ’ল কোনো শাস্তিমূলক ব্যৱস্থা ৷ পথ নিৰ্মাণৰ দুৰ্নীতি আৰু বিসংগতি দেখিও ঠিকাদাৰক পুঁজি মুকলি কৰি দিয়াৰ বাবে কনিষ্ঠ অভিযন্তাগৰাকীক নিলম্বন কৰাৰ বিপৰীতে পথটো নিৰ্মাণত জড়িত এচ.ডি.অ’ গৰাকী আৰু ঠিকাদাৰ হেমন্ত বৰাৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ তথা অসন্তুষ্টি ব্যক্ত কৰে দল সংগঠনৰ লগতে অঞ্চলবাসীয়ে ৷
আৰু পঢ়কঃ একেলগ হ'ব দমন-দিউ আৰু দাদৰা নগৰ হাভেলী কেন্দ্ৰীয় শাসিত অঞ্চল