ETV Bharat / state

Singer Tejaswita Baruah: তেজস্বিতা বিহীন মাজুলীৰ প্ৰথম ৰাস - Tejaswita Baruah of Majuli

মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱক লৈ সত্ৰ নগৰীত ব্যাপক প্ৰস্তুতি(Raas Festival in Majuli) । মাজুলীৰ চুকে-কোণে উখল-মাখল পৰিৱেশ । কিন্তু এমাহ পূৰ্বে আজিৰ দিনটোতে চিকিৎসাৰ অভাৱত মৃত্যুক সাৱটিছিল মাজুলীৰ উদীয়মান কণ্ঠশিল্পী তেজস্বিতা বৰুৱাই(Junior artist Tejaswita Baruah death) । সেয়েহে ৰাসৰ এই আনন্দময় পৰিৱেশতো উচুপি উঠিছে তেজস্বিতাৰ পিতৃ-মাতৃয়ে ।

first raas of majuli without tejaswita
তেজস্বিতা বিহীন মাজুলীৰ প্ৰথম ৰাস
author img

By

Published : Nov 5, 2022, 7:17 PM IST

মাজুলী,৫ নৱেম্বৰ: সোমবাৰৰ পৰা মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱ(Raas Festival in Majuli) । কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰিছে সত্ৰ নগৰী মাজুলী । মাজুলীৰ চুকে-কোণে উখল-মাখল পৰিৱেশ । কিন্তু মাজুলীতে নীৰৱে উচুপিছে এহাল পিতৃ-মাতৃয়ে । মাজুলীৰ কণমানি কন্ঠশিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যুৰ এটা মাহ সম্পূৰ্ণ হ'ল(Junior artist Tejaswita Baruah death) । আজিৰ এই দিনটোত কণমানি গৰাকীক সুঁৱৰি উচুপি উঠিছে কণমানি গৰাকীৰ পিতৃ-মাতৃয়ে ।

তেজস্বিতা বিহীন মাজুলীৰ প্ৰথম ৰাস

তেজস্বিতা বৰুৱাৰ পিতৃ-মাতৃয়ে উচুপি উচুপি কৈ উঠিল তাইৰ দৰে যাতে কোনেও যাতে মৃত্যুক আঁকোৱালি ল'ব নালাগে তাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক । ইফালে যোৰহাট-মাজুলী দলঙৰ কামো সোনকালে শেষ কৰক যাতে মাজুলীবাসীৰ সুবিধা হয় । তেজস্বিতা বৰুৱাৰ মৃত্যুৰ সময়ত যিসকলে পিতৃ-মাতৃৰ দুখৰ সমভাগী হ'ল সেই সকললৈ ধন্যবাদ জ্ঞাপন কৰে পিতৃ-মাতৃয়ে ।

ইফালে গড়মূৰস্থিত জিলা চিকিৎসালয়ৰ অধীক্ষকগৰাকীয়ে কয় যে তেজস্বিতা বৰুৱাৰ মৃত্যুৰ পাছত জিলা চিকিৎসালয়খনলৈ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে আহি যি ঘোষণা কৰিছিল তাৰ ভিতৰত ১০৮ সেৱাৰ গাড়ী তিনিখন নতুন দিলে যদিও আজি পয্যন্ত ৰেডিঅ'লজিষ্ট অহা নাই ।

উল্লেখ্য যে যোৱা ৫ অক্টোবৰত সমগ্ৰ ৰাজ্যতে উদযাপন হৈছিল মহাপুৰুষ শংকৰদেৱৰ জন্মোৎসৱ (Birth ceremony of Sankardeva)। নদী দ্বীপ মাজুলীও ইয়াৰ ব্যতিক্ৰম নাছিল ৷ এই শংকৰ জন্ম জয়ন্তীত গাঁৱৰ নামঘৰত বৰগীত গাবলৈ বুলি গৈছিল মাজুলীৰ উদীয়মান কণ্ঠশিল্পী তেজস্বিতা বৰুৱা । কিন্তু অনুষ্ঠান পৰিবেশনৰ মাজতে নামঘৰতেই অসুস্থ হৈ পৰিছিল কণ্ঠশিল্পী তেজস্বিতা ৷ পৰিয়ালৰ লোকে চিকিৎসাৰ বাবে ততাতৈয়াকৈ মাজুলী জিলা চিকিৎসালয়লৈ লৈ গৈছিল কণ্ঠশিল্পীগৰাকীক (Tejaswita Baruah of Majuli) ।

কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে গড়মূৰ জিলা অসামৰিক চিকিৎসালয়তে মৃত্যু হয় তেজস্বিতাৰ । চিকিৎসালয়খনত তেজস্বিতাৰ মৃত্যু অক্সিজেনৰ অভাৱত হোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ তুলিছিল । পৰিয়াল তথা স্থানীয় ৰাইজে কৈছিল অক্সিজেনৰ অভাৱত চিকিৎসালয়ৰ বিচনাত চটফটাই থাকি অৱশেষত এই পৃথিৱীৰ পৰা বিদায় মাগিছিল কণ্ঠশিল্পীগৰাকীয়ে ।

তাৰ পাচতেই ৰাজ্যজুৰি চৰ্চা হয় বিষয়টো ৷ চিকিৎসা খণ্ডৰ ফোঁপোলা স্বৰূপটোক লৈ বিভিন্নজনে সমালোচনা কৰা দেখা যায় ৷ বিৰোধী দলসমূহেও এই ঘটনাক লৈ সমালোচনাৰে থকা-সৰকা কৰে চৰকাৰক ৷ অৱশেষত গড়মূৰ জিলা অসামৰিক চিকিৎসালয়ৰ অধীক্ষকজনক নিলম্বন কৰাৰ লগতে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে চৰকাৰে ৷ ঘোষণা কৰা হয় দণ্ডাধীশ পৰ্যায়ৰ তদন্ত (Probe on Tejaswita Baruah death)৷

লগতে পঢ়ক: Sankardev Sangha conference: সোণাৰিৰ সাপেখাতীত শংকৰদেৱ সংঘৰ সমাৰোহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.