ETV Bharat / state

ভয়াৱহ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল যাত্ৰীবাহী ফেৰী

author img

By

Published : Sep 7, 2022, 2:46 PM IST

Updated : Sep 7, 2022, 4:36 PM IST

কথমপি ৰক্ষা যাত্ৰীবাহী ফেৰী । ৮০ গৰাকী যাত্ৰী কঢ়িওৱা ফেৰীৰ প্ৰস্ৰাৱগাৰেৰে ভিতৰত সোমাল পানী (Ferry stuck in Brahmaputra)। দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰিল ফেৰীখন ।

ভয়াৱহ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল যাত্ৰীবাহী ফেৰী
ভয়াৱহ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল যাত্ৰীবাহী ফেৰী

মাজুলী,৭ ছেপ্টেম্বৰ : মাজুলীত পুনৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল এখন ফেৰী । কথমপি ৰক্ষা পৰিল ফেৰীখনৰ ৮০ গৰাকী যাত্ৰী (Ferry stuck in Brahmaputra)। ঘটনাক লৈ তীব্ৰ উত্তেজনা মাজুলীত । নিমাতীঘাটৰ ভয়াৱহ ফেৰী দুৰ্ঘটনাৰ কাইলৈ এবছৰ সম্পূৰ্ণ হ'ব (Nimatighat ferry accident)। তাৰ ঠিক এদিন পূৰ্বে সংঘটিত এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

জানিব পৰা মতে প্ৰায় ১১:৩০ মান বজাত নিমাতীঘাটৰ পৰা মাজুলীৰ কমলাবাৰীলৈ ফেৰীখন ৰাওনা হৈছিল । কিন্তু জলতৰি নামৰ ফেৰীখনৰ প্ৰস্ৰাৱগাৰেৰে পানী সোমাবলৈ আৰম্ভ কৰে । লগে লগে যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় । অৱশ্যে একাংশ যাত্ৰীৰ তৎপৰতাত দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰে জলতৰি ফেৰীখন ।

ফেৰীখনৰ ভিতৰত যথেষ্ট পৰিমাণে পানী সোমাই আৰু অত্যাধিক বোজাৰ বাবে এনে হোৱাৰ সন্দেহ কৰিছে একাংশ যাত্ৰীয়ে । একাংশ যাত্ৰীয়ে জনোৱা মতে যাত্ৰীৰ সমান্তৰালকৈ ফেৰীখনত যথেষ্ট পৰিমাণ সা-সামগ্ৰী আছিল যাৰ বাবে ফেৰীখনৰ এটা অংশ হেলনীয়া হৈ গৈছিল ।

অৱশ্যে পৰৱৰ্তী সময়ত নিমাতী আৰক্ষীয়ে যাত্ৰীসকলক নিমাতীৰ পৰা মাজুলীৰ কমলাবাৰীলৈ আন এখন ফেৰীৰে লৈ যায় । কিন্তু ইয়াৰ মাজতে যাত্ৰীসকলে অভিযোগ কৰা মতে নিমাতী আৰক্ষীয়ে যাত্ৰীক ফটো বা ভিডিঅ' লোৱাত বাধা দিয়াৰ লগতে থানালৈ লৈ যোৱাৰ ভাবুকি প্ৰদান কৰে ।

লগতে পঢ়ক :কালীসাগৰ পুখুৰীত উদ্ধাৰ নৃত্যশিল্পী কণ দাসৰ মৃতদেহ

Last Updated : Sep 7, 2022, 4:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.